নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰৰ পৰা এপ্রিলৰ ভিতৰত অসমত সাংস্কৃতিক মহাৰণ : মুখ্যমন্ত্রী

🔴তেজপুৰত বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন-শুভ উদ্বোধন  মুখ্যমন্ত্রীৰ
🔴বিহুৱা-বিহুৱতীক মামনি-মানপত্ৰ প্ৰদান

 

বিশেষ বাৰ্তা, ৩০ জুনঃ শোণিতপুৰ জিলাৰ উন্নয়নত নতুন মাত্রা সংযোজনেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লিচু পুখুৰী নৱনির্মিত উদ্যানৰ শুভ উদ্বোধন কৰাৰ লগতে তেজপুৰ চক বজাৰ গৃহ নির্মাণ প্রকল্প, তেজপুৰ হজৰাপুখুৰী সংহত ক্রীডা প্রকল্প তথা তেজপুৰৰ জলপ্রমুখ উন্নয়ন আৰু পক্ষী নিৰীক্ষণ স্তম্ভ, তেজপুৰ বৰপুখুৰী সৌন্দর্যবর্দ্ধন প্রকল্প আৰু পৰুৱাত ১ হাজাৰ খন আসনযুক্ত প্রেক্ষাগৃহ নির্মাণ প্রকল্পৰ ভার্চুৱেলী আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু নৃত্যৰ অনুষ্ঠানত অংশগ্রহণ কৰি বিশ্ব অভিলেখ স্থাপনত অৰিহণা যোগোৱা শোণিতপুৰৰ বিহুৱা–বিহুৱতীসকলক মানপত্র আৰু ২৫ হাজাৰ টকাকৈ মাননিও প্রদান কৰে৷ তেজপুৰৰ চার্ছ ফিল্ডত আয়োজন  কৰা অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেজপুৰৰ ঐতিহ্য আৰু সাংসৃক্তিক পৰম্পৰাক লৈ অসমে সদায়ে গৌৰৱ অনুভৱ কৰে৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মা দৰে অসমৰ সাংসৃক্তিক ক্ষেত্রৰ মহান পুৰোধা ব্যক্তিসকলৰ জন্মস্থানত এটা প্রেক্ষাগৃহৰ অভাৱ অনুভৱ কৰি অহা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই অভাৱ পূৰণ কৰাৰ বাবে ২৭ কোটি টকা ব্যয়ৰে ১০ বিঘা ভূমি সামৰি ১ হাজাৰ আসন বিশিষ্ট এটা প্রেক্ষাগৃহ নির্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ বৰপুখুৰীৰ সৌন্দর্যবন্ধন আৰু চক বজাৰৰ নৱনির্মাণ, হজৰাপাৰৰ জলপ্রমুখ উন্নয়ন তথা পক্ষী নিৰীক্ষণ টাৱাৰ আৰু ১ হাজাৰ আসন বিশিষ্ট প্রেক্ষাগৃহ নির্মাণে তেজপুৰ নগৰৰ সাংসৃক্তিক ঐতিহ্যক মহিমামণ্ডিত কৰি তুলিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ বাপতি সাহোন বিহুক বিহুৱা–বিহুৱতীসকলে গীণিজ ৱর্ল্ড ৰেকর্ডত স্থান দিবলৈ সক্ষম হৈছিল৷ চলিত বর্ষৰ ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখত পৰম্পৰাগত সাজেৰে বিহু প্রদর্শন কৰিছিল, সেয়াই অসমীয়া জাতিক জগত সভাত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ত অসম চৰকাৰে ঘোষণা কৰিছিল যে প্রত্যেক গৰাকী বিহুৱা–বিহুৱতীক মানপত্র আৰু ২৫ হাজাৰ টকাৰ মাননি আগবেোৱা হব৷ আজি আৰু কাইলৈ অসমৰ  প্রতিখন জিলাতে বিহুৱা–বিহুৱতীক সন্মানপত্রৰ লগতে ২৫ হাজাৰ টকাকৈ বেংক একাউণ্ঢ যোগে  প্রদান কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত ২৮ হাজাৰ গাঁও আছে৷ এই গাঁওসমূহত নৱেম্বৰ মাহৰ পৰা এপ্রিল মাহৰ ভিতৰত সাংসৃক্তিক মহাৰণ আয়োজন কৰা হব৷ তেওঁ কয় যে  প্রতিখন গাঁৱতে একো একোটা দল থাকিব আৰু এই দলসমূহে ভূপেন্দ্র সংগীত, বিষ্ণু সংগীত, জ্যোতি সংগীত, ৰবীন্দ্র সংগীত আৰু অসমৰ যিকোনো এটা জনজাতীয় নৃত্য পৰিৱেশন কৰিব পাৰিব৷ গাঁৱত নির্বাচিত হোৱা প্রতিযোগীসকলে পঞ্চায়ত পর্যায়ত হোৱা প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ যি সকলে এই প্রতিযোগিতাত জয় লাভ কৰিব তেওঁলোকে সমষ্টিভিত্তিত প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব৷ ইয়াৰ পিছত জিলা পর্যায়ত জয়লাভ কৰা প্রতিযোগীসকলে গুৱাহাটীত হবলগীয়া এক বিশাল অনুষ্ঠানত অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰিব৷ বিহুৱা–বিহুৱতীসকল্ সহযোগিতা লোৱাৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে বুলিও তেওঁ কয়৷ ঐতিহাসিক লিচু পুখুৰী সৌন্দর্যবর্দ্ধন প্রকল্প জনসাধাৰণৰ সেৱাত উৎসর্গিত কৰিবলৈ পাই আনন্দিত হৈছেছা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২১ চনৰ ৯ মেত চক বজাৰৰ ভিতৰত অংশত বৃহৎ অগ্ণিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩০০ খনৰো অধিক দোকান ভষ্মীভূত হৈছিল৷ বজাৰখনৰ পুনৰ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে চহৰ আন্তঃগাঁথনি পুঁজি শিতানৰ অধীনত ৩০.৪৬ কোটি টকা আবণ্ঢনেৰে এই প্রকল্পটো হাতত লৈছে৷ নির্মাণৰ সময়ত ইয়াত থকা ব্যৱসায়ী সকলৰ জীৱন আৰু জীৱিকাৰ ওপৰত যাতে আঘাত নপৰে তাৰ বাবে ৩.৬ কোটি টকা ব্যয় কৰি ধোৱী ঘাটত ২৫৪ খন দোকান নির্মাণৰ কাম হাতত লোৱা হৈছে৷ শোণিতপুৰ জিলাত কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ সময়ত জিলা উন্নয়নৰ বাবে কেইবাটাও নতুন প্রকল্পৰ কথা ঘোষণা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰপুখুৰীৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ বাবে ১৪.৮৫ কোটি টকা ব্যয় সাপেক্ষে পদক্ষেপ লোৱা হৈছে৷ তেওঁ কয় যে অঞ্চলটোৰ ক্রীডা কার্যকলাপ আৰু সুস্থ জীৱনশৈলীক উৎসাহিত কৰিব পৰাকৈ ঐতিহাসিক হজৰাপাৰৰ ৱাটাৰ ফ্রণ্ট উন্নয়ন তথা পক্ষী নিৰীক্ষণ টাৱাৰৰ সৈতে এটা সংহত ক্রীডা প্রকল্প নির্মাণৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, বিধায়ক ক্ৰমে পৃথ্বিৰাজ ৰাভা, প্রমোদ বৰঠাকুৰ, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী প্রমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ 

You might also like