নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ আন এক অধ্যায়: ডিএফঅ’ৰ পৰা বীট অফিচাৰলৈ সকলোৰে জেপত চোৰাং কাঠৰ ধন

নিয়মীয়া বার্তা, ১ জুনঃ মন্ত্রী পৰিমল শুক্লবৈদ্য নেতৃত্বাধীন বিভাগ মানেই এতিয়া বিষয়াৰ দপ্দপনি আৰু মইমতালি৷ দুর্নীতিৰ ভূ–স্বর্গত পৰিণত হোৱা বন আৰু আবকাৰী বিভাগৰ বহু কাহিনী ইতিমধ্যে জনচক্ষুৰ সন্মুখত উন্মুক্ত হৈ পৰিছে৷ ‘নিয়মীয়া বার্তা’ই কেৱল মন্ত্রীগৰাকীৰ চকুৰ আগত খোদ গুৱাহাটী মহানগৰীত চলি থকা কাঠ স্মাগলিঙৰ এক গোপন, ক’লা অধ্যায় উদঙাই দিছে৷ মহানগৰীৰ হাৰুল চৌধুৰী ওৰফে ৰাজা, বাবলু আলী, বিশ্বজিৎ ডেকা, আমিনুল আলী, পংকজ দত্ত, প্রকাশ শইকীয়া আৰু বিজয় সাহাৰ জৰিয়তে কিদৰে গুৱাহাটীৰ বজাৰলৈ প্রতিদিনে ৩০ লাখ টকাৰ চোৰাং কাঠ আমদানি চলি আছে, সেয়া আমাৰ পূর্বৰ প্রতিবেদনতে বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে৷ কিন্তু কেৱল কেইজনমান সাধাৰণ ব্যৱসায়ী এই ব্যৱসায়ত জড়িত আছে বুলি ভবাটো নিশ্চয় মূর্খৰ স্বর্গত বাস কৰি থকাৰ দৰে কথা হ’ব৷

‘নিয়মীয়া বার্তা’ৰ সামান্য অনুসন্ধানত প্রকাশ পাইছে ডি আই আৰু ৪০৭ বাহনেৰে মেঘালয়ৰ পৰা চলি থকা চোৰাং কাঠৰ চালানৰ লগত বন বিভাগৰ শীর্ষৰ পৰা তলৰ পর্যায়ৰ বহু বিষয়া জড়িত হৈ থকাৰ বিস্ফোৰক তথ্য৷

জানিব পৰা মতে, দুবছৰ আগৰে পৰা মহানগৰীত পূর্ণোদ্যমে কাঠৰ এই চোৰাং ব্যৱসায় আৰম্ভ হ’বলৈ ধৰে৷ গুৱাহাটীৰ সমীপৱর্তী মেঘালয়ৰ বাৰমাইল আৰু বর্ণিহাটৰ পৰা ১৬খন গাড়ীত নিতৌ তিনিবাৰকৈ চোৰাং কাঠ মহানগৰীৰ বজাৰলৈ আহিবলৈ লয়৷ তেতিয়া পূব গুৱাহাটী বন সংমণ্ডলৰ বিষয়া হিচাপে যোগদান কৰিছিল ডি এফ অ’ ৰাজীৱ বৰুৱাই৷ খানাপাৰাৰ বাবলু আলীৰ লগত পূর্বৰে পৰা ডি এফ অ’ ৰাজীৱ বৰুৱাৰ আছিল বিশেষ সম্পর্ক৷ ঘনিষ্ঠ বিষয়াগৰাকীয়ে গুৱাহাটীত যোগদান কৰাৰ পাছৰে পৰা বাবলুৰ হাতত যেন আহি পৰিল আলাউদ্দিনৰ চাকি৷

বিশেষ পলম নকৰি তেওঁ মেঘালয়ৰ কাঠ মাফিয়া হিচাপে পৰিচিত জাণ্টু, কাঞ্চা, পদম, ৰামু, ডেভিদ, পাণ্ডে, পৰমানন্দ, অমিতৰ লগত যোগাযোগ স্থাপন কৰে আৰু গুৱাহাটীলৈ চোৰাং কাঠ চালানৰ সমস্ত ব্লু–প্রিণ্ট ৰচনা কৰে৷ ইতিমধ্যে কাঠ স্মাগলিঙৰ বাবে গঠন কৰা গেঙত সোমাইছিল ৰাজা, বিশ্বজিৎ, আমিনুল, পংকজ, প্রকাশ, বিকাশ আদিও৷ মহানগৰীৰ প্রায় প্রতিটো বন বিভাগৰ কার্যালয়ে কার্যালয়ে ঘূৰি বন বিষয়াসকলক মেনেজ কৰাৰ কামো তেওঁলোকে সম্পন্ন কৰে৷ সাজু কৰি তোলা হ’ল কেইবাখনো ডি আই আৰু ৪০৭ বাহন৷ ইয়াৰ পাছত ডি এফ অ’ ৰাজীৱ বৰুৱাৰ পৰা সেউজ সংকেত লাভ কৰাৰ লগে লগে আৰম্ভ হৈ গ’ল মেঘালয়ৰ কাঠৰ স্মাগলিং৷ বিগত ২ বছৰত কোনো নথিপত্র নোহোৱাকৈ, এটকাও ৰাজহ নিদিয়াকৈ গুৱাহাটীত সোমাইছে প্রায় ২০ কোটি টকা মূল্যৰ চোৰাং কাঠ৷ ৰাজকোষলৈ ৰাজহ নগ’লেও বন বিভাগৰ কার্যালয়, বন বিষয়াৰ জেপলৈ নিয়মীয়াকৈ গৈ থাকিল চোৰাং কাঠ ব্যৱসায়ৰ ধন৷ অভিযোগ অনুসৰি, বর্তমান পূব গুৱাহাটীৰ ডি এফ অ’ৰ কার্যালয়ত প্রতিখন কাঠ পৰিবাহী গাড়ীৰ বাবদ মাহে ১০ হাজাৰ টকাৰ খোৰাকী দিব লাগে৷ ডি এফ অ’ৰ হৈ এই ধন সংগ্রহ কৰে যোৰাবাটৰ বীট অফিচাৰ জিণ্টু তালুকদাৰে৷ তেওঁ একে সময়তে চি চি এফ হৰকান্ত তালুকদাৰৰ এজেণ্ট হিচাপে কাম কৰাৰো অভিযোগ আছে৷

ইয়াৰ বাহিৰেও মহানগৰীৰ বশিষ্ঠত থকা বন বিভাগৰ বীট অফিচ, কালাপাহাৰৰ বীট অফিচ, নাৰেংগী বীট অফিচ, দক্ষিণ গুৱাহাটী ৰেঞ্জ আৰু গুৱাহাটী ৰেঞ্জত অফিচাৰলৈও মাহেকত বিশাল পৰিমাণৰ কাঠৰ চোৰাং বজাৰৰ ধন যায়৷ যোৰাবাটৰ বীট অফিচাৰ জিণ্টু তালুকদাৰ, কালাপাহাৰৰ বীট অফিচাৰ প্রাণেশ্বৰ শর্মা, বশিষ্ঠৰ বীট অফিচাৰ হোমেন পেগু, নাৰেংগীৰ বীট অফিচাৰ আব্দুল ৰছিদ লগত কাঠ স্মাগলিঙৰ লগত জড়িত প্রতিজন লোকৰ সঘন উঠা–বহাৰ খবৰ এতিয়া বন বিভাগৰ ভিতৰচ’ৰাত সৰৱ চর্চাৰ বিষয়৷ ধোৱা তুলসীৰ পাত নহয় দক্ষিণ গুৱাহাটীৰ ৰেঞ্জাৰ অৰূপ কলিতা আৰু গুৱাহাটী বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰ পংকজ কলিতাও৷ পংকজ কলিতাৰ আকৌ মূল এজেণ্ট হ’ল ফৰেষ্টাৰ মুনীন বর্মন৷ মাছ মূৰৰ পৰা গেলাৰ দৰেই বন বিভাগো এতিয়া এনেদৰেই ওপৰৰ পৰা তললৈ সকলো দুর্নীতিৰ বোকাত লুতুৰি–পুতুৰি হৈ পৰিছে৷ যাৰ বাবে প্রতিদিনে গুৱাহাটীত চলি থকা কাঠৰ বিশাল কাৰবাৰ দেখি থাকিও ডি এফ অ’ ৰাজীৱ বৰুৱাৰ পৰা আৰম্ভ কৰি যোৰাবাটৰ বীট অফিচাৰ জিণ্টু তালুকদাৰলৈ সকলোৱে লৈছে ধৃতৰাষ্ট্রৰ ভাও৷

গুৱাহাটীত কর্মৰত এইসকল বিষয়াৰ পর্বতসম দুর্নীতিৰ এয়া এটা মাত্র সৰু অংশহে৷ ইয়াতকৈও বৃহৎ চোৰাং কাৰবাৰৰ লগত জড়িত হৈ আছে বন বিভাগৰ বিষয়াৰ এটা বৃহৎ অংশ৷ কিন্তু সততে ‘নিকা’ ইমেজ বজাই ৰাখিব বিচৰা বনমন্ত্রী পৰিমল শুক্লবৈদ্যই কিয় দুর্নীতিপৰায়ণ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হ’ল, সেয়াও এক নুবুজা সাঁথৰ হৈ পৰিছে৷

You might also like