নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’ল–ডিজেলৰ কৰ হ্রাসৰ বাবে চৰকাৰ সাজু

‘আমাক এক্সট্রা টেক্স নালাগে’

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ প্রতিদিনে বৃদ্ধি হৈ থকা পেট্র’ল–ডিজেলৰ মূল্যই ৰাজ্যবাসীক দিশহাৰা কৰাৰ সময়তে অচিৰেই ইন্ধনজাত সামগ্রীৰ মূল্য হ্রাস হ’ব বুলি আশা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে এখন সংবাদ মেলত মুখ্যমন্ত্রীগৰাকীয়ে কয়– অসমত এতিয়াও পেট্র’ল–ডিজেলৰ মূল্য কম৷ কিয়নো ৰাজ্য চৰকাৰে পেট্র’ল–ডিজেলৰ ওপৰত পাঁচ শতাংশ মূল্য সংযোজিত কৰ (ভেট) উঠাই লৈছে৷ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে দাম হ্রাস কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰি আছে৷ আমি আশাবাদী, ৰাইজে অচিৰেই সকাহ পাব৷ এইক্ষেত্রত যদি ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগে, সেই পদক্ষেপ গ্রহণ কৰিব৷

আমাক এক্সট্রা টেক্স নালাগে৷ চৰকাৰে পেট্র’ল–ডিজেলৰ কৰৰ জৰিয়তে বছৰি যি কৰ সংগ্রহৰ লক্ষ্য বান্ধি লৈছে, সেয়া পূৰণ হ’লে অতিৰিক্ত কৰ আমি সংগ্রহ নকৰোঁ৷ তেওঁ ইয়াকো উল্লেখ কৰে যে পেট্র’লৰ ঊর্ধ্বমুখী দামৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ইথানল প্রজেক্ট আৰম্ভ কৰাৰ প্রস্তুতি চলাইছে৷ ইতিমধ্যে ৭টা প্রতিষ্ঠানে ইথানল প্রস্তুতৰ বাবে বিনিয়োগ কৰিবলৈ সন্মত হৈছে৷ ৰাজ্যত ইথানল প্রস্তুতৰ কাম আৰম্ভ হ’লে পেট্র’লৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইন্ধন লাভ কৰিব সাধাৰণ ৰাইজে৷

You might also like