নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ দুটা নতুন ঘোষণাঃ ক’ৰোনাত মৃত্যু হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দিব ৫০০০ টকা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰিছে ক’ভিড–১৯ক লৈ ৰাজ্য চৰকাৰে লোৱা দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, ৰাজ্য চৰকাৰে কোনো লোকে অসমৰ বাহিৰলৈ গৈ যদি ৯৬ ঘণ্টাৰ ভিতৰত ঘূৰি আহে, তেন্তে লোকজনক কোৱাৰেণ্টাইন কৰা নহ’ব। পূৰ্বতে এই সময় আছিল ৩৬ ঘণ্টা।

ইয়াৰ লগতে আন এক ঘোষণা দিছে স্বাস্থ্য বিভাগে। ক’ভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে চৰকাৰে আগবঢ়াব ৫০০০কৈ টকা। এনে সাহায্য তেওঁলোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব যিটো পৰিয়ালে মৃত লোকজনৰ মৃতদেহ চমজি নলয় বা খৰচ বহন কৰিবলৈ সক্ষম নহয়। এন এইচ এমৰ পৰা এই খৰচ বহন কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

You might also like