কামৰূপ জিলাৰ চাংসাৰি গাঁৱৰ যুৱক তথা শৰাইঘাট কলেজৰ কৰ্মচাৰী মৃণাল নাথ পৰহিৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোত হাহাকাৰ লাগিছে।
অতিকৈ অমায়িক শিক্ষিত যুৱকজনে সোমবাৰে পুৱা ৮ মান বজাত কৰ্মক্ষেত্ৰ কলেজলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু তেতিয়াৰে পৰা আৰু ঘৰলৈ উভতি অহা নাই যুৱকজনে।
জানিব পৰা মতে যুৱকজনে সেইদিনা ঘৰৰ পৰা কলেজলৈ বুলি ওলাই আহিছিল যদিও ৰহস্যজনকভাৱে তেওঁ শিক্ষানুষ্ঠানখনত উপস্থিত হোৱা নাছিল।
ইপিনে তেওঁৰ লগত থকা মোবাইলটোৰ ছুইছ অফ কৰি ৰখা হৈছে। এনে অৱস্থাত যুৱকজন কি পৰিস্থিতিত নিৰুদ্দেশ হৈ পৰিল তাক লৈ চিন্তিত হৈ পৰে পৰিয়ালটো।
কালি ইতিমধ্যে ঘটনাৰ বিষয়ে চাংসাৰি থানাত যুৱকজনৰ পিতৃ সুমুদ নাথে এজাহাৰ দাখিল কৰিছে। কিন্তু তিনি উকলি যোৱাৰ পিছতো যুৱকজনৰ কোনো শুংসূত্ৰ ওলোৱা নাই।
কোনোৱে যুৱকজনৰ সন্ধান পালে চাংসাৰি থানাত যোগাযোগ কৰিবলৈ আৰক্ষীৰ তৰফৰ আহ্বান জনোৱা হৈছে।
নিয়মীয়া বাৰ্তা, চাংসাৰি, ২৪ জুন