নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমী মিস্ত্ৰী আঁচনি : ধেমাজিত ৪০গৰাকী মহিলাৰ বিশেষ প্ৰশিক্ষণ

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ এক অভিনৱ পদক্ষেপ ‘লখিমী মিস্ত্ৰী’ আঁচনিয়ে গ্ৰামাঞ্চলৰ মহিলাসকলক দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

এই আঁচনিৰ জৰিয়তে গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰি মহিলাসকলৰ বাবে স্বনিয়োজনৰ সুযোগ সৃষ্টি কৰা হৈছে। ধেমাজি জিলাৰ চিচি বৰগাঁও সমষ্টিৰ মৰিঢল গাঁও পঞ্চায়তৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ প্ৰায় ৪০গৰাকী মহিলাৰ বাবে ৫৩ দিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে।

হাঁহচৰা গাঁও পৰিদৰ্শন কৰি প্ৰশিক্ষণ লাভ কৰি থকা মহিলাসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী অতুল বৰাই। বৰ্তমান ‘লখিমী মিস্ত্ৰী’ আঁচনিৰ অধীনত ধেমাজি জিলাত প্ৰায় এক হাজাৰ মহিলা আৰু ৰাজ্যজুৰি প্ৰায় পাঁচ হাজাৰ মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা আৰম্ভ কৰিছে।

মন্ত্ৰী অতুল বৰাই আজি হাঁহচৰা গাঁৱত উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে কৰে। গৃহ নিৰ্মাণকাৰ্যত তেওঁলোকৰ উৎসাহ, আত্মবিশ্বাস আৰু নিষ্ঠা প্ৰত্যক্ষ কৰি অত্যন্ত আনন্দিত হৈ পৰে মন্ত্ৰীগৰাকী। লখিমী মিস্ত্ৰী কাৰ্যসূচীৰ অধীনত ধেমাজি জিলাৰ প্ৰায় ১,০০০ মহিলা তথা ৰাজ্যজুৰি প্ৰায় ৫,০০০ মহিলাই ৰাজ মিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা আৰম্ভ কৰাটো ইতিবাচক দিশ বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে মন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলতাৰ এই অনিৰুদ্ধ যাত্ৰাত প্ৰতিগৰাকী মহিলালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱন-জীৱিকাৰ মান উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপক এক যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে। এই আঁচনি সফলভাৱে ৰূপায়ণৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক বিশেষভাৱে কৃতিত্ব দিয়া হৈছে।

এই অনুষ্ঠানত চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, ধেমাজি জিলা পৰিষদৰ অধ্যক্ষ ভূপেন চুতীয়া, মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওগ, ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, জিলা পৰিষদৰ সদস্যা প্ৰণীতা গগৈ, পঞ্চায়তৰ জনপ্ৰতিনিধি, বিভাগীয় বিষয়া, প্ৰশিক্ষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like