নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনৰ ১১ বজাত প্রকাশ পালে তৃতীয়বর্গৰ ১১,৫১০টা পদৰ ফলাফল

নিয়মীয়া বাৰ্তা, ৩ মে’: দীঘলীয়া প্রস্তুতি আৰু প্রতীক্ষাৰ অন্তত আজি অন্ত পৰিলে নিযুক্তিৰ অপেক্ষা৷ আজি দিনৰ ১১ বজাত ঘোষণা হ’ল তৃতীয়বর্গৰ ১১,৫১০টা পদৰ ফলাফল৷ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক–যুৱতীৰ সপোন আজি হ’ব সার্থক৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অংশস্বৰূপে বিগত বর্ষত অনুষ্ঠিত কৰা হৈছিল তৃতীয় আৰু চতুর্থবর্গৰ প্রায় ৪৫ হাজাৰতকৈও অধিক পদৰ বাবে পৰীক্ষা৷ লিখিত পৰীক্ষাৰ অন্তত চলিত বর্ষৰ আৰম্ভণিতে হৈ যোৱা মৌখিক পৰীক্ষাৰ পাছত আজি দিনৰ ১১ বজাত ঘোষণা হ’ল ফলাফল৷ দীর্ঘদিনীয়া সপোন ফলিওৱাৰ আশাত আজিৰ দিনটোৰ বাবে বাট চাই ৰৈছে ৰাজ্যৰ হাজাৰ হাজাৰ প্রার্থী৷ আজি তৃতীয়বর্গৰ ফলাফল ঘোষণাৰ পাছত বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব চতুর্থবর্গৰ ফলাফল৷

আনহাতে, এই ফলাফল লাভৰ পাছতেই অহা ১১ মে’ত প্রতিগৰাকী উত্তীর্ণ প্রার্থীয়ে লাভ কৰিব নিযুক্তি পত্র৷ সেয়াই নহয়, ১ জুনত ৪৫ হাজাৰতকৈও অধিক প্রার্থীয়ে বিভিন্ন বিভাগত যোগদানো কৰিব৷

You might also like