নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নত ৰাজ্যতকৈ অসমত উচ্চ হাৰত সংগ্রহ টোল কৰ

উন্নয়নৰ মাচুলৰ বোজা জনতাক

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেন্দ্রীয় নেতা–মন্ত্রীৰ ধল বব অসমলৈ৷ নতুন নতুন ঘোষণা হ’ব, প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ কিন্তু প্রতিটো উন্নয়নমূলক প্রকল্পৰ মাচুল ভৰিব লাগিব অসমৰ জনতাই৷ ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহত স্থাপন কৰা টোলগেটসমূহ হৈ পৰিছে কেন্দ্রীয় চৰকাৰৰ মাচুল সংগ্রহৰ আহিলা৷ অসমৰ ৰাষ্ট্রীয় ঘাইপথেৰে অহা–যোৱা কৰা জনতাই সততে পাৰ হ’বলগীয়া হয় ছটাকৈ টোলগেটেৰে৷ কোকৰাঝাৰৰ পাটগাঁও, বিজনীৰ ঢ়লাপাৰা, চাংসাৰিৰ মদনপুৰ, সোণাপুৰৰ নাজিৰাখাট, নগাঁৱৰ ৰহা আৰু হোজাইৰ মিকিৰকাটিত স্থাপন কৰা টোলগেটেৰে অহা–যোৱা কৰা প্রতিখন গাড়ীয়ে অতি উচ্চ হাৰত টোলকৰ আদায় দিবলগীয়া হয়৷ এই কৰৰ হাৰ দেশৰ উন্নত ৰাজ্যসমূহতকৈ কেইবাগুণো অধিক৷ উদাহৰণস্বৰূপে নগাঁৱৰ ৰহাত থকা টোলগেটেৰে পাৰ হোৱা ব্যক্তিগত বাহনসমূহে এবাৰত ১০০ টকা আৰু অহা–যোৱাৰ বিনিময়ত ১৫০ টকা, লঘু ব্যৱসায়িক বাহনে এবাৰত ১৬০ টকা আৰু অহা–যোৱাৰ বিনিময়ত ২৪০ টকা, ২ এক্সেল বাছ–ট্রাকে এবাৰত ৩৩৫ টকা আৰু অহা–যোৱাৰ বিনিময়ত ৫০০ টকা, ৩ এক্সেল বাছ–ট্রাকে এবাৰত ৩৬৫ টকা আৰু অহা–যোৱাৰ বিনিময়ত ৫৪৫ টকা, ৪–৫–৬ এক্সল বাছ–ট্রাকে এবাৰত ৫২০ টকা আৰু অহা–যোৱাৰ বিনিময়ত ৭৮৫ টকা, ৭ এক্সেল বাছ–ট্রাকে এবাৰত ৬৩৫ টকা আৰু অহা–যোৱাৰ বিনিময়ত ৯৫৫ টকা, গুৰু বাহনে এবাৰত ৫০০ টকা আৰু অহা–যোৱাৰ বিনিময়ত ৭৫০ টকাকৈ আদায় দিব লাগে৷ বাকী টোলগেটৰ কৰসমূহো ইয়াতকৈ সামান্য কম বা বেছি৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল অসমৰ টোলগেটত সংগ্রহ কৰা কৰৰ হাৰ দেশৰ অন্যান্য ৰাজ্যতকৈ বহুত বেছি৷

তথ্য অনুসৰি, দেশত মুঠ ৫২২টা টোলগেট আছে৷ এই টোলগেটসমূহত সংগ্রহ কৰা কৰৰ গড় হাৰ হ’ল প্রতি কিলোমিটাৰত ১.৩১ টকা৷ আনহাতে, গুজৰাটত প্রতি কিলোমিটাৰত ১.২৭ টকা, ৰাজস্থানত ১.০৮ টকা, তামিলনাডুত ১.২৪ টকা, উত্তৰ প্রদেশত ১.৪৬ টকা, পশ্চিমবংগত ১.৫৪ টকা, মহাৰাষ্ট্রত ১.৫২ টকা, কর্ণাটকত ১.৪৬ টকা, বিহাৰত ১.১৫ টকাকৈ টোলকৰ সংগ্রহ কৰা হৈ আছে৷ ইয়াৰ বিপৰীতে অসমত প্রতি কিলোমিটাৰত টোলকৰ সংগ্রহ কৰা হয় ১.৫৫ টকাকৈ৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে অসমৰ টোলগেটকেইটাৰ পৰা দৈনিক ৬০ লাখ টকা সংগ্রহৰ লক্ষ্য লৈছে৷ এই লক্ষ্য আগত ৰাখিয়েই অধিক হাৰত নিবিদা দাখিল কৰা প্রতিষ্ঠানসমূহক টোলগেটৰ আবণ্টন দিয়া হৈছে৷ সেই বাবে টোলগেটৰ দায়িত্বপ্রাপ্ত প্রতিষ্ঠানে অতি উচ্চ হাৰত টোল নিৰিখ নির্ধাৰণ কৰিছে৷ উপায়হীন জনতাই নির্বিবাদে এই টোলকৰ মানি লোৱাৰ বাদে আন কোনো বিকল্প নাই৷ কেন্দ্রীয় চৰকাৰে অসমত নির্মাণ কৰা প্রতিটো পথ, প্রতিটো প্রকল্পৰ মাচুল এইদৰে অসমৰ জনসাধাৰণৰ পৰা নিয়মীয়াকৈ আদায় কৰি আছে৷

এতিয়া নির্বাচনৰ বতৰত দিল্লীৰ পৰা উৰি অহা নেতাই আকৌ নতুন নতুন প্রকল্পৰ ঘোষণা কৰিব৷ ইয়াৰ বিনিময়ত দেশৰ অন্যান্য উন্নত ৰাজ্যতকৈ অধিক হাৰত টোলকৰৰ বোজা জাপি দিব অসমবাসীৰ ওপৰত৷ ইন্ধনৰ ব্যাপক হাৰৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ টোলকৰৰ উচ্চ নিৰিখেও অসমবাসীৰ জেপ লুৰুকি আছে৷ আনকি টোলকৰ সংগ্রহক লৈ ৰাজনৈতিক নেতাৰ মাজতো আৰম্ভ হৈছে ব্যাপক সংঘাত৷ ইয়াৰ প্রত্যক্ষ প্রতিফলন দেখা গৈছে চাংসাৰিত থকা মদনপুৰ টোলগেটত৷ এই টোলগেটটোত দুটা পক্ষৰ মাজত সঘনে সৃষ্টি হোৱা সংঘাতৰ কুফল ভুগিবলগীয়া হয় সাধাৰণ যাত্রীয়ে৷ মদনপুৰত প্রতিদিনে দীঘলীয়া যান–জঁট, যাত্রীক দুর্বৱ্যহাৰ নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ সাৰি যোৱা নাই উচ্চপদস্থ মহিলা চৰকাৰী বিষয়াও৷ কেইদিনমান পূর্বে উক্ত টোলগেটত অপদস্থ হৈছিল কমলপুৰৰ ৰাজহ চক্র বিষয়াগৰাকী৷ ধাৰাবাহিক অসামাজিক কাম–কাজে সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলোৱাৰ পাছতো একমাত্র ৰাজনৈতিক প্রভাৱৰ বাবেই কর্মচাৰীৰ বেশত নিয়োজিত হৈ থকা গুণ্ডা বাহিনীক নিয়ন্ত্রণ কৰাৰ সাহস আৰক্ষীয়ে দেখুৱাব পৰা নাই৷ অহা ১৫ ফেব্রুৱাৰীৰ পৰা টোলগেটসমূহত নগদ ধনৰ লেনদেন বন্ধ হ’ব৷ প্রতিখন গাড়ীত ফাষ্টটেগ ষ্টিকাৰ লগোৱাটো বাধ্যতামূলক হ’ব৷ ফাষ্টটেগৰ জৰিয়তেহে টোল প্লাজাসমূহত টোলকৰ সংগ্রহ কৰা হ’ব৷ আজি এই কথা জানিবলৈ দিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ ক্ষেত্র সঞ্চালক আলোক কুমাৰে৷ তেওঁ কয় যে এতিয়াৰে পৰা ফাষ্টটেগৰ ব্যৱহাৰৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ অধিক কঠোৰ হ’ব৷ যদিহে কোনো চালকে ফাষ্টটেগক লৈ টোলগেটৰ কর্মচাৰীক বেয়া ব্যৱহাৰ কৰে, তেনেহ’লে তেনে লোকক ১ লাখ টকা পর্যন্ত জৰিমনা বিহা হ’ব৷

You might also like