নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত হোম কোৱাৰেণ্টাইনৰ সময়সীমা ৭ দিনলৈ হ্ৰাস

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ অসম চৰকাৰে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ যোৱাৰ পিছত গৃহ পৃথকীকৰণৰ ম্যাদ ৭ দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৷ এনে সিদ্ধান্তৰ পৰিপ্ৰক্ষিতত ২ হাজাৰ টকা মূল্যৰ ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী প্ৰদানৰ ব্যৱস্থা বন্ধ কৰা হ’ব ৷

অৱশ্যে বিপিএল পৰিয়াল, বয়োজ্যেষ্ঠ ব্যক্তি, অসুস্থ তথা দিব্যাংগসকললৈ এই সুবিধা প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে পূৰ্বে নিৰ্ধাৰিত সময়সীমা আছিল ১৪ দিনৰ কিন্তু, বৰ্তমান অসমত দৈনিক বৃদ্ধি পোৱা ক’ভিড আক্ৰান্তৰ সংখ্যাৰ ওপৰত লক্ষ্য ৰাখিয়ে ৭ দিন গৃহ পৃথকীকৰণ বা হোম কোৱাৰেণ্টাইনত থাকিলেই হ’ব বুলি এক জাননী যোগে জনোৱা হৈছে ।

You might also like