নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পৰা কাইলৈ অজাপৰ অসম যাত্ৰা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজি বিয়লি ধুবুৰীৰ পাৰ্শ্বৱৰ্তী কোচবিহাৰৰ গুৰুজনাৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰত সেৱা জনাই কাইলৈৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হ’বলগীয়া অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ কাৰ্য্যসূচীৰ আৰম্ভ কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। গগৈৰ আজিৰ এই মধুপুৰ সত্ৰ পৰিভ্ৰমণ কালত সংগ দিয়ে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলটোৰ অইন কেইবাগৰাকী শীৰ্ষ নেতাই। সাংবাদিকৰে সৈতে হোৱা কথাবতৰাত গগৈয়ে দুনীৰ্তি, ভ্ৰষ্টাচাৰ, স্বজন-তোষন, সাম্প্ৰদায়িক বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যে অহাকালিৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া এক অসম যাত্ৰাৰ আয়োজন কৰা হোৱা বুলি মন্তব্য কৰে। জানিব পৰা মতে, কালিৰ দিনৰ ১০ বজাত ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ পৰা আৰম্ভ হ’ব অজাপৰ সেই যাত্ৰাৰ। আজি নিশা গগৈয়ে ধুবুৰীৰ গুৰুদ্বাৰাত নৈশ যাপনৰ কথা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like