নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত লকডাউন শিথিল সন্দর্ভত কাইলৈ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ অসমত লকডাউন শিথিল হ’বনে আৰু যদি হয়, কোনবোৰ দোকান–পোহাৰ খোলাৰ অনুমতি প্রদান কৰা হ’ব আৰু কেনে ব্যৱস্থাৰ মাজেৰে খোলা হ’ব, সেই সন্দর্ভত অহা ২৭ এপ্রিলতহে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে কালি প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্রেৰণ কৰা এখন পত্রত বর্তমানৰ লকডাউন ব্যৱস্থাৰ কিছু শিথিলতা ঘটাই আৱাসিক এলেকাত থকা দোকান–পোহাৰ আদি খোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহক অনুমতি প্রদান কৰে৷ অৱশ্যে চিনেমা গৃহ, শ্বপিং মল, সুৰা বিপণী আদি বন্ধ ৰাখিব লাগিব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এই নির্দেশনাৰ পাছতেই অসমত একপ্রকাৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিভিন্নজনৰ মাজত ইয়াকে লৈ যথেষ্ট বিভ্রান্তি আৰু বিতর্কও হয়৷ এনে অৱস্থাৰ মাজতে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে বিষয়টো সম্পর্কত অসম চৰকাৰে ২৭ এপ্রিলৰ দিনা কেবিনেট বৈঠকত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ সেই দিনাই দিনৰ ভাগত প্রধানমন্ত্রী নৰেন্দ্র মোদী প্রতিখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চযোগে এখন বৈঠকত মিলিত হ’ব৷

কভিড–১৯ক কেন্দ্র কৰি ৰাজ্যসমূহৰ সাম্প্রতিক পৰিস্থিতিৰ ওপৰত বৈঠকখনত আলোচনা কৰিব৷ ইয়াৰ পাছতেই বিয়লিৰ ভাগত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ কেবিনেটত সকলো দিশ আলোচনা কৰি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ যদিহে লকডাউন শিথিল কৰা হয়, কেনেদৰে শিথিল কৰা হ’ব, কোনবোৰ দোকান–পোহাৰ খোলৰ অনুমতি দিয়া হ’ব আৰু কেনে ব্যৱস্থাৰে খোলা হ’ব, সেই সম্পর্কত স্পষ্ট সিদ্ধান্ত গ্রহণ কৰিব৷ সেয়ে লকডাউন শিথিল হোৱা–নোহোৱা সম্পর্কত ৰাইজক ২৭ এপ্রিললৈ অপেক্ষা কৰাৰ বাবে তেওঁ আহ্বান জনায়৷ অহা ২৭ এপ্রিল পর্যন্ত ৰাইজক কঠোৰভাৱে লকডাউন মানি চলিবলৈ তেওঁ অনুৰোধ কৰে৷

ইপিনে আজি পুৱাৰ ভাগতে লকডাউন শিথিল হোৱা বুলি ছ’চিয়েল মিডিয়াত বিভিন্ন খবৰ প্রকাশ পোৱাত বিভ্রান্তি সৃষ্টি হয়৷ পৰিস্থিতিৰ গভীৰতা অনুভৱ কৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই লগে লগে বিষটো সম্পর্কত প্রতিক্রিয়া কৰি কয় যে অসম চৰকাৰে এই মুহূর্তলৈ লকডাউন ব্যৱস্থা শিথিল কৰি দোকান–পোহাৰ, বিউটী পার্লাৰ আদি খোলাৰ কোনো সিদ্ধান্ত লোৱা নাই৷ লকডাউন সম্পর্কত ৰাজ্য চৰকাৰে অহা ২৭ এপ্রিলতহে সিদ্ধান্ত গ্রহণ কৰিব৷ মুঠতে অসমত লকডাউন শিথিল হ’ব নে নহয় আৰু হ’লেও কেনেদৰে হ’ব আৰু কোনবোৰ দোকান–পোহাৰ খোলা থাকিব, সেই সিদ্ধান্তৰ বাবে ৰাজ্যবাসীয়ে অহা ২৭ এপ্রিলত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকলৈ অপেক্ষা কৰিব লাগিব৷

You might also like