অপূৰ্ব ভট্টাচাৰ্য্য, পৱন শইকীয়াসহ বহুজনৰ অগপত যোগদান
অগপৰ মুখ্য কাৰ্যালয়ত মেগা যোগদান অনুষ্ঠান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ আজি অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পৱন শইকীয়া, তৃণমূল কংগ্ৰেছৰ নেতা মিহিৰ পাল কংগ্ৰেছৰ গোৱালপাৰা পূৱ সমষ্টিৰ মণ্ডল সভাপতি মাতোৱাৰ আলীসহ দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে। এই উদ্দেশ্যে অনুষ্ঠিত এক সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই যোগদানকাৰীসকলক আদৰণি জনাই কয় যে অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ লগতে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অগপত সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। বৰাই কয় যে কংগ্ৰেছ এতিয়া ৰাজ্যখনত অস্তিত্বহীন আৰু গুৰুত্বহীন এটি দল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ন আৰু প্ৰগতিৰ নতুন যাত্ৰা আৰম্ভ কৰিছে। অহা লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে সৰ্বাধিক আসন লাভ কৰিব বুলি উল্লেখ কৰি বৰাই লগতে কয় যে জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ উদ্যম হ’ব আগন্তুক সময়বোৰত অগপৰ শক্তিৰ আধাৰ। দলে জাতীয় দায়বদ্ধতাৰে ৰাজ্যবাসীৰ স্বাৰ্থত কাম কৰি যাব বুলিও মত পোষণ কৰে। যোগদানকাৰী প্ৰাক্তন কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সততা আৰু নিষ্ঠাৰে অগপৰ হৈ সেৱা আগবঢ়াই যোৱাৰ অঙ্গীকাৰ কৰে। জাতীয় পৰিষদৰ প্ৰাক্তন সম্পাদক পৱন শইকীয়াই অতুল বৰাৰ নেতৃত্বত অগপই নতুন মাত্ৰা লাভ কৰা বুলি উল্লেখ কৰি ভৱিষ্যতৰ দিনত দায়বদ্ধতাৰে কাম কৰাৰ কথা উল্লেখ কৰে। যোগদানকাৰীসকলৰ ভিতৰত অসম জাতীয় পৰিষদৰ গোলঘাট জিলা সমিতিৰ সভাপতি অজিত গগৈ, সম্পাদক ৰাতুল সন্দিকৈ, অসীম শইকীয়া, গৌতম বৰুৱা, মুকেশ লইং, বিকাশ বৰা আদিৰ লগতে দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই যোগদান কৰে। অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্ত, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলাকান্ত কলিতা, মনোজ শইকীয়া, প্ৰবীণ হাজৰিকা, বিমলেন্দু সিংহ, সত্যব্ৰত কলিতা, উপ-সভাপতি সুনীল ডেকা, বিষ্ণু দাস, আক্ৰাম হুছেইন, জ্যোতিষ দাস, প্ৰচাৰ সম্পাদক ড০ তপন দাস, সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালী, নিবেদিতা ডেকা, হবিবৰ ৰহমান আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকল উপস্থিত থাকে।