নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত অৱসৰপ্ৰাপ্ত অধ্যক্ষ-প্ৰধান শিক্ষকৰ সতীৰ্থ সন্মিলন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ অবিভক্ত নলবাৰী জিলাৰ বৰ্তমানৰ নলবাৰী আৰু বাক্সা জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক সকলৰ সতীৰ্থ সন্মিলন আজি দিনজোৰা মনোজ্ঞ কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বাক্সা জিলাৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক নগেন্দ্ৰ নাথ দাসৰ উদ্যোগত তেওঁৰ নলবাৰী নগৰৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা গৃহৰ মুকলি ঠাইত বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত কৃতী অধ্যক্ষ ৰমানাথ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত উদ্দেশ্য ব্যাখ্যা কৰি শিক্ষাবিদ নগেন্দ্ৰ নাথ দাসে অবিভক্ত নলবাৰী জিলাত তদানীন্তন জিলা অধিবিদ্যা পৰিষদৰ পতাকাৰ তলত সকলোবোৰ শিক্ষক সতীৰ্থ লগ হৈ শিক্ষাৰ উন্নয়ন , পৰীক্ষাৰ সূচল ব্যৱস্থা, শৈক্ষিক আলোচনা আদিৰে কৰা কাৰ্যাৱলী ব্যাখ্যা কৰি বৰ্তমান সতীৰ্থসকল দীৰ্ঘদিন যোগাযোগ অসূচল হৈ থকা ব্যৱস্থা অৱসান কৰি পুনৰ ঐক্যবদ্ধ হৈ সূখদুখৰ সংগী হৈ থকাত গুৰুত্ব আৰোপ কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুল বৰ্মনে আত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অৱসৰী কৃতি প্ৰধান শিক্ষক জ্যোতিষ ভূঞাই আগবঢ়োৱা একোখনকৈ ফুলাম গামোছাৰে সভাত অবিভক্ত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থ শিক্ষক সকলক আদৰণি জনোৱা হয়। একে লগে শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত লিখনি সম্বলিত “ভিন্ন জীৱন ভিন্ন লেখা”আৰু “বিদ্যাশ্ৰী” শীৰ্ষক দুখনকৈ গ্ৰন্থ প্ৰতি গৰাকী সতীৰ্থক সন্মিলন ত প্ৰদান কৰা হয়। সন্মিলনৰ মুকলি আলোচনাত অৱসৰী কৃতি প্ৰধান শিক্ষক ভগবান ডেকা, ৰমনী বৰ্মন, জ্যোতিষ ভূঞা, বীৰেন্দ্ৰৰানা পাটগিৰী, ভগবান বৰ্মন, ভবেন্দ্ৰনাথ শৰ্মা আৰু কৃষ্ণ মহন্তকে ধৰি কেবাগৰাকীও বক্তব্য ৰাখি এনে সতীৰ্থ সন্মিলনৰ সংগসুখৰ লগতে শিক্ষা আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাপতিৰ ভাষণত শিক্ষাবিদ ৰমানাথ বৰুৱাই পৰবৰ্তী এপ্ৰিল মাহত হবলগীয়া সভাত পুনৰ শিক্ষাৰ দিশতো আলোচনা কৰিব লাগিব বুলি কয়। উল্লেখযোগ্য ডাঃসমৰেন্দ্ৰ তালুকদাৰে সংগী সহিতে পৰিবেশন কৰা ঘোষাৰে আদৰণি জনোৱা সভাত শিশুশিল্পী প্ৰীতি শিখা ৰাজবংশীয়ে সুললিত কণ্ঠেৰে পৰিবেশন কৰা জ্যোতি সংগীত পৰিবেশনে সমাগত সতীৰ্থসকলক সন্তোষিত কৰে। সভাত চিকিৎসক ভদ্ৰেশ্বৰ ৰাজবংশীৰ অৰ্থবহ গীত, অৱসৰী প্ৰধান শিক্ষক পূৰ্ন কলিতা, আৰু অৱসৰী সহ শিক্ষক উমেশ দাসৰ গীতে সন্তোষ দিয়ে। সন্মিলনত আহাৰকে ধৰি সামগ্ৰীক আপ্যায়ন যোগান ধৰে কৃতি অৱসৰী প্ৰধান শিক্ষক নগেন্দ্ৰনাথ দাসে।

You might also like