বিশেষ বাৰ্তা, ৩নৱেম্বৰঃ চিকিৎসা বিজ্ঞানৰ নতুন উন্মেষ সাধনত অসম মেডিকেল কলেজো সহযোগী হব লাগে। লগতে আৰ্তজনক আৰোগ্য কৰি এটা নতুন মানৱ জাতি নিৰ্মানৰ প্ৰচেষ্টাত ব্ৰতী হব লাগে।সেই সময়ত অসমৰ নিচিনা এখন জেগাত ড° জন বেৰী হোৱাইটক স্বাস্থ্য খণ্ডত সেৱা আগবাঢ়বলৈকে ভগৱানে প্ৰেৰণ কৰিছিল।মানুহক সেৱা কৰাৰ সুযোগ জীৱনলৈ আহে আৰু সেই সুযোগ কোনো কালেই হেৰুৱাব নালাগে।মানৱজাতি সেৱা কৰিবলৈ,চিকিৎসক সকলক ভগৱানে নিৰ্বাচন কৰে,ৰাজনীতিক সকলক ৰাইজে নিৰ্বাচন কৰে।সেইদৰে অধ্যাপক,শিক্ষককো নিৰ্বাচন কৰা হয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ মহাৰজত জয়ন্তী সমাৰোহৰ ভাষণত সদৰী কৰে।অসমত মুঠ ২৪খন চিকিৎসা মহাবিদ্যালয় স্থাপন হব। বৰ্তমানৰ ৯খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২৪খন চিকিৎসা মহাবিদ্যালয় শীঘ্ৰে হব বুলি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ঘোষণা কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণr অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্ব ভাৰতৰ অসমত ১৯০০ চনতেই শিক্ষা স্বাস্থ্য শিক্ষা সেৱাৰ পাতনি মেলা জনহিতৈষী ডা° জন বেৰী হোৱাইটৰ সপোনক সন্মান তথা সমগ্ৰ অসমবাসীৰ হৈ পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনায়। আনহাতে ১৯৪৭ চনৰ ৩ নৱেম্বৰত চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈকো কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই।তেওঁ ভাষণ প্ৰসংগত অসম চিকিৎসা মহাবিদ্যালয়ত তিনিশ অধ্যাপক একেলগে থাকিব পৰাকৈ অত্যাধুনিক আৱাসিক গৃহ আৰু হোষ্টেল নিৰ্মাণ কৰাৰ বাবে ৩০০ কোটি টকা চৰকাৰৰ পৰা অনুদান আগবঢ়োৱাৰ কথা আজি জনসভাত ভাষণ প্ৰসংগত সদৰী কৰে।মহাৰজত জয়ন্তী সামৰণী উপলক্ষে মহামিলনৰ তীর্থস্থানত পৰিণত হৈছে অসম চিকিৎসা মহাবিদ্যালয় চৌহদ। চিকিৎসা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপনৰ আজি তৃতীয়টো তথা অন্তিমটো দিন। আজি চিকিৎসা মহাবিদ্যালয় খনত উপস্থিত থাকি নস্তালজিক হৈ পৰে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত গুৰু, শিষ্য, অগ্রজ, অনুজ সকলো চিকিৎসক। আতৰ্জনৰ সেৱাত নিমজ্জিত চিকিৎসকসকলৰ কোনোজন হয়তো ৫০ বছৰৰ বিৰতিত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিজে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানলৈ বাটকুৰী বাই আহিছে।মিলন ঘটিছে বহু সহপাঠীৰ সৈতে।আবেগ, অনুভূতি, মৰমত অশ্রুসিক্ত হৈছে বহুজন চিকিৎসক। জীপাল হৈছে দেহ, মন। অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ তৃতীয়টো দিনত আয়োজিত অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ ১৯৪৭ চনৰ পৰা বৰ্তমানলৈকে শিক্ষাগ্ৰহণ কৰি ওলাই যোৱা প্ৰাক্তন ছাত্র-ছাত্রী (চিকিৎসক)সকলে নিজ নিজ বেটছক লৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা লগতে পুৱাই ১৯৪৭ চনৰ পৰা বৰ্তমান প্ৰৰ্যন্ত সকলোৱে সমবেত হৈ পুৱাৰ ভাগতে বাহিৰ কৰে এক সাংস্কৃতিক শোভাযাত্ৰা। কোনোবাই যদি গীত জুৰিছে, তেন্তে আন কাৰোবাৰ কবিতা আবৃত্তি।গীত-মাত, বিহু, কথা-কবিতা, নৃত্য আদিৰে চিকিৎসকসকলে পুনৰ মিলনৰ সঞ্জীৱনী সুধা পান কৰে।ল’ৰালিৰ দিনলৈ ঘূৰি নষ্টালজিক হৈ পৰিছে সতীৰ্থ সকলৰ সৈতে।নগাঁও, তেজপুৰ, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া,যোৰহাটেই নহয় দেশে-বিদেশে থকা বিভিন্ন গৰাকী চিকিৎসকৰ সমাহাৰে নান্দনিক হৈছে পৰিবেশ। আজি মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যৰ ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে ONGC ৰ অনুদানেৰে দিয়া নখন অত্যাধুনিক এম্বুলেঞ্চ প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, বিমল বড়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পৱিত্ৰ মাঘেৰিটা, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, চক্ৰ গগৈ, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতূপৰ্ণ বৰুৱাকে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা