নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদায় দুৰন্ত তৰুণ, সংক্ষেপতে জানো আহক তৰুণ গগৈৰ জীৱন…

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ আজি সন্ধিয়া ৫.৩৪ বজাত  জীৱন নাটৰ যৱনিকা পেলালে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

জন্মঃ

১৯৩৪ চনৰ ১১ অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত। কমলেশ্বৰ গগৈ ঔৰসত আৰু মাতৃ ঊষা গগৈৰ গৰ্ভত জন্ম লোৱা গগৈক ঘৰত সকলোৱে পোনাকণ বুলি মাতিছিল মৰমতে।

ৰাজনৈতিক জীৱনঃ

যোৰহাট পৌৰ নিগমৰ সদস্য ৰূপে ১৯৬৮ চনত ৰাজনৈতিক জীৱন আৰম্ভ। ইয়াৰ পিছতে ১৯৭১ চনত যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে ৰাজনৈতিক জীৱনে গতি লয়। ১৯৭১ চনৰ পৰা ১৯৮৪ চনলৈ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে। লোকসভাৰ সাংসদ হিচাপে ৬ বাৰলৈ জয়ী হয় গগৈ। ১৯৯৬-১৯৯৮ চনলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হয় গগৈ। ১৯৯৮-২০০১ চনলৈ কলিয়াবৰ সমষ্টিৰ সাংসদ হয় গগৈ। ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে গগৈয়ে।

বিবাহঃ

১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুই সন্তান চন্দ্ৰিমা গগৈ আৰু গৌৰৱ গগৈ।

মুখ্যমন্ত্ৰী হিচাপেঃ

২০০১ চনৰ ১৭ মে’ তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

You might also like