নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সু-সাহিত্যিক সাংবাদিক অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী নাৰায়ন চন্দ্ৰ সৰকাৰৰ দেহাৱসানঃ অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ শোকপ্ৰকাশ

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ   সদৌ অসম কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ অন্যতম উপদেষ্টা, সু-সাহিত্যিক, সাংবাদিক অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী নাৰায়ণ চন্দ্ৰ সকৰকাৰৰ যোৱা ১০/০৯/২০২০ তাৰিখে হৃদ ৰোগত আক্ৰান্ত হৈ ডাউন টাউন হাস্পাতলত শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটী কেন্দ্ৰীয় গড়কাপ্টানী বিভাগত চাকৰি কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত সংবাদ আৰু সাহিত্য জগতত আত্ম নিয়োগ কৰে। লোক সংস্কৃতি, বানাষুৰ, গল্প সংকলন, কবিতা সঞ্চালন, ৰবীন্দ্ৰ জীৱন আদি প্ৰায় ১০ খন গ্ৰন্থ ৰচনা কৰে। ২০১৪ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰাৰ লগতে অম্বেদকাৰ বঁটাকে প্ৰায় ৪ টা লাভ কৰে। তেখেত সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰীৰ পৰিষদৰ জন্ম লগ্নৰ পৰা জড়িত হৈ মৃত্যু হৈ সময়লৈকে পৰিষদৰ  পেঞ্চন কোষৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৩১/০১/১৯৩২ চনত জন্ম গ্ৰহণ কৰা তেখেতে ঢাকাত ইণ্ডিয়ান হাই-কমিচনাৰ কাৰ্যালয়টো চাকৰি আছিল। দৈনিক যুগশঙ্খ কাকতৰ সংবাদ দাতাও আছিল । মৃত্যুৰ সময়তে তেখেতে পত্নী, পুত্ৰ-বোৱাৰী জীয়াৰী আৰু নাতি নাতিনীক এৰি থৈ যায়। তেখেতৰ মৃত্যু অসমৰ সাহিত্য আৰু সংবাদ জগত অশেষ ক্ষতি হল বুলি সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সাঃ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই কয় লগতে বিদেহী আত্মাৰ চিৰ-শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায়।

You might also like