নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগনা ৰানাৱটে ড্ৰাগছ সেৱন কৰে নেকি… নাৰাজ মহাৰাষ্ট্ৰ চৰকাৰে চলাব তদন্ত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কংগানাৰ প্ৰতি নাৰাজ মহাৰাষ্ট্ৰ চৰকাৰে এইবাৰ আৰম্ভ কৰিব অন্য এক তদন্ত। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ড্ৰাগছজনিত অপৰাধ সংক্ৰান্তত তদন্ত আৰম্ভ কৰিব চৰকাৰখনে।

মুম্বাই আৰক্ষীক ইতিমধ্যে এই তদন্ত চলাবলৈ মহাৰাষ্ট্ৰ চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ ৰাজ্যমন্ত্ৰী অনিল দেশমুখে কংগনাৰ বিৰুদ্ধে ড্ৰাগছজনিত অপৰাধৰ বিষয়টো উত্থাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে কংগনা ৰানাৱটৰ প্ৰাক্তন প্ৰেমিক অধ্যয়ন চুমনৰ এটা পুৰণি সাক্ষাৎকাৰৰ আধাৰত ড্ৰাগছৰ প্ৰসংগটো উত্থাপন কৰা হৈছে।

কংগনাৰ প্ৰাক্তন প্ৰেমিক চুমনে সাক্ষাৎকাৰটোত অভিনেত্ৰীগৰাকীয়ে ড্ৰাগছ সেৱন কৰা বুলি উল্লেখ কৰিছিল।

উল্লেখ্য মুম্বাই পৌৰ কৰ্তৃপক্ষ বি এম চিয়ে অভিনেত্ৰীগৰাকীৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ ভিতৰভাগৰ নিৰ্মাণ অবৈধ বুলি উচ্ছেদ কৰিছিল যোৱা ৯ ছেপ্টেম্বৰত। ইয়াৰ পিছত  অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এইবাৰ ড্ৰাগছৰ প্ৰসংগ টানি অনা হৈছে।

You might also like