নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভোটঃ প্রথমবাৰৰ বাবে অসমত ইভিএমেৰে হ’ব পৌৰ নির্বাচন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ আজি ৰাজ্যৰ ৮০খন পৌৰসভাৰ নির্বাচন৷ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব ভোটগ্রহণ৷ পোনপ্রথমবাৰৰ বাবে অসমত ই ভি এমযোগে অনুষ্ঠিত হ’ব এই পৌৰ নির্বাচন৷ ৮০খন পৌৰসভাৰ মুঠ ৯৭৭টা ৱার্ডৰ বাবে হ’বলগীয়া এই নির্বাচনত কার্যতঃ ৯১৬টা ৱার্ডতহে ভোট অনুষ্ঠিত হ’ব৷ কিয়নো ৬০টা ৱার্ডত ইতিমধ্যে প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ সেইদৰে পাটাছাৰকুছি পৌৰসভাৰ ৭নং ৱার্ডত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা এজন প্রার্থীৰ মৃত্যু হোৱাৰ পৰিপ্রেক্ষিতত ৱার্ডটোত নির্বাচনী প্রক্রিয়া বাতিল হৈছে৷ মুঠ ৯৭৭টা ৱার্ডৰ বাবে হ’বলগীয়া এই নির্বাচনত মুঠ প্রার্থীৰ সংখ্যা হৈছে ২,৫৩২গৰাকী৷ প্রার্থীসকলৰ ভিতৰত বিজেপিৰ ৮২৫, কংগ্রেছৰ ৭০৬, অগপৰ ২৪৩, এ আই ইউ ডি এফৰ ১৭, অজাপৰ ১১১, আপৰ ৩২, আৰ জে ডিৰ ১, চি পি আই (এম)ৰ ১৪ আৰু নির্দলীয় ৫৮৩৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত এজন প্রিজাইডিং, তিনিজন প’লিং আৰু দুজন আৰক্ষীৰ লোক ভোটগ্রহণ প্রক্রিয়াৰ বাবে নিয়োজিত কৰা হৈছে৷

ইপিনে অহা ৭ মার্চত অর্থাৎ কাইলৈ মাজুলী বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ সমষ্টিটোৰ উপ–নির্বাচনত মুঠ তিনিগৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ বিজেপিৰ ভুবন গাম, অজাপৰ চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আই (কমিউনিষ্ট)ৰ ভাইটি ৰিচাং৷ সমষ্টিটোৰ মুঠ ১,৩৩,২২৭গৰাকী ভোটাৰে প্রার্থীকেইজনৰ ভাগ্য নির্ণয় কৰিব৷ ৭ মার্চত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ এই উপ–নির্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ আইন–শৃংখলা, ব্যয় আদি সকলো দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ তৰফৰ পৰা কেন্দ্রীয় পর্যবেক্ষক নিয়োগ কৰিছে৷ উপ–নির্বাচনত মুঠ ৮১২গৰাকী ভোটগ্রহণ বিষয়া নিয়োগ কৰিছে৷ ভোটগ্রহণৰ বাবে ২০৩টা বেলট ইউনিট, ২০৩টা কন্ট্ৰ’ল ইউনিট আৰু ২০৩টা ভিভিপি–এটি মেচিন সাজু কৰিছে৷ ইয়াৰ উপৰি প্রয়োজন হ’লে ব্যৱহাৰ কৰিবলৈ পর্যাপ্তসংখ্যক বেলট ইউনিট, কন্ট্ৰ’ল ইউনিট, ভিভিপি–এটি মেচিনকে ধৰি ভোটগ্রহণ বিষয়া সষ্টম কৰি ৰখা হৈছে বুলি নির্বাচন আয়োগৰ এক বিজ্ঞপ্তিত প্রকাশ৷

You might also like