নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ এটা গোচৰৰ মীমাংসাৰ বাবে এক লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ হ’ল গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ৷ দুর্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাই আজি এক অভিযান চলাই এইজন আৰক্ষী বিষয়াক গৌৰীপুৰ থানাতে হাতে–লোটে ধৰা পেলায়৷ দুর্নীতি নিবাৰক শাখাত ভুক্তভোগী এজন লোকে দিয়া অভিযোগৰ ভিত্তিত আজি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ উপস্থিতিত এটা দলে অভিযান চলাই সত্যজিৎ বৰঠাকুৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে আৰক্ষী বিষয়া বৰঠাকুৰক গৌৰীপুৰ থানাতে সোধা–পোছা কৰি থকা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি উক্ত ঘটনাৰ লগত জড়িত গৌৰীপুৰ আৰক্ষী থানাৰ সহকাৰী উপ–পৰিদর্শক আবুল কালাম আজাদ গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷