নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিনীয় বৈশিষ্ট্যৰ অধ্যয়নঃ Covid-19ত আমেৰিকাৰ তুলনাত বেছি সুৰক্ষিত ভাৰতীয়

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ভাৰতীয়সকলৰ বাবে সুখবৰ। ক’ৰোনাৰ পৰা ভাৰতীয়সকলৰ সুস্থতাৰ হাৰ অন্য ৰাষ্ট্ৰতকৈ শীৰ্ষত থকাৰ এটা বিশেষ কাৰণ হ’ল ভাৰতীয় লোকৰ ডি এন এত থকা এটা বিশেষ জিন।

ভাৰতীয় লোকৰ দেহৰ ডি এন এত পোৱা এই জিন ইউৰোপ বা আমেৰিকাৰ কোনো লোকতকৈ বেছি। এনে কাৰণতে ক’ৰোনাৰ পৰা সুস্থ হোৱা লোক ভাৰতত অন্য দেশতকৈ বেছি। আজ টকৰ এক প্ৰতিবেদন মতে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে চলোৱা এক অধ্য়য়নত এই কথা প্ৰকাশ কৰা হৈছে।

 

বিশ্বৰ বিভিন্ন ক্ষেত্ৰত অধ্যয়ন চলোৱা বিশ্ববিদ্যালয়ৰ গৱেষক দলে দক্ষিণ এছিয়া বিশেষকৈ ভাৰতীয় লোকৰ দেহত ACE-2 নামৰ জিনবিধ প্ৰচুৰ পৰিমাণে থকাৰ বিষয়ে জানিব পাৰে। এই জিনবিধৰ বাবে শৰীৰে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা অৰ্জন কৰে। এনে কাৰণতে ইউৰোপৰ তুলনাত ভাৰতীয় লোক ক’ৰোনাৰ সংক্ৰমণৰ পৰা ১২ শতাংশ বেছি সুৰক্ষিত।

হিন্দু বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰফেছৰ জ্ঞানেশ্বৰ চৌবে কয় যে ক’ৰোনাৰ সংক্ৰমণৰ প্ৰভাৱ দেশভেদে বেলেগ হোৱা দেখা গৈছিল। এনে কাৰণতে ঠাই অনুযায়ী মানৱ দেহৰ জিনীয় বৈশিষ্ট্যৰ ওপৰত অধ্যয়ন কৰা হৈছিল।

You might also like