নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিণ্ডিকেট দেখিলেই ডিজিপিক অৱগত কৰক

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ৰবাত যদি কিবা ছিণ্ডিকেট দেখে ডি জি পিক জনাব৷ তাৰ পাছত দেখিব নিশ্চিতভাৱে একচন হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণৰ পাছত আজি প্রথমবাৰৰ বাবে অসম আৰক্ষীৰ উলুবাৰীস্থিত ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিব বুলি উল্লেখ কৰি উপস্থিত সাংবাদিকৰ আগত কয় যে গৰুৰ ওপৰতো চৰকাৰৰ বহুত কৰিবলগীয়া আছে৷ কালি যি এটা–দুটা ব্যৱস্থা দেখিছে সেয়া আৰম্ভণিহে৷ আৰক্ষী সঞ্চালকপ্রধান, বিশেষ আৰক্ষী সঞ্চালকপ্রধানৰ হাতত আৰু কিছু খবৰ আছে৷ লাহে লাহে সকলো দেখিব৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ ১ লাখ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক চাকৰি প্রদানৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰখনে সংকল্প লৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত অসম আৰক্ষীত বর্তমানে খালী হৈ থকা পদসমূহ স্বচ্ছতাৰে অতি সোনকালে কেনেদৰে পূৰণৰ পদক্ষেপ ল’ব পৰা যায়, সেই সম্পর্কে আলোচনা কৰা হৈছে৷ আৰক্ষীৰ বদলিকৰণ তথা পোষ্টিঙৰ ক্ষেত্রত সম্পূর্ণ মেধা আৰু দক্ষতাৰ ভিত্তিত ব্যৱস্থা লোৱা হ’ব৷ মুখ্যমন্ত্রী, মন্ত্রীৰ কোনোধৰণৰ হস্তক্ষেপ নাথাকে, সেইটো সুনিশ্চিত কৰাৰ পদক্ষেপ সম্পর্কত আজি প্রাৰম্ভিক পর্যায়ত আলোচনা কৰা হৈছে৷ এই চৰকাৰৰ দিনত আৰক্ষীৰ বদলি–নিয়োগৰ কাম আৰক্ষীৰ মুখ্য কার্যালয়ৰ পৰা চলিব৷ মন্ত্রী–বিধায়কসকল্ অৰুণোদয় ৰূপায়ণ, নিবনুৱাৰ চাকৰি, বাট–পথ নির্মাণৰ কাম কৰিব৷

অহা পাঁচটা বছৰত অসম আৰক্ষীত মৌলিক পৰিৱর্তন দেখিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান যিটো নাই, সেয়া কেনেকৈ কৰিব পাৰি দেখিবলৈ পাব৷ এইক্ষেত্রত চৰকাৰৰ ৰাজনৈতিক সদিচ্ছা আৰু বিত্তীয় সদিচ্ছাও আছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মা অসম আৰক্ষীৰ মুখ্য কার্যালয়ত পদার্পণ কৰাৰ লগে লগে তেওঁক গার্ড অৱ অনাৰেৰে আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে তেওঁ এক বৈঠকত মিলিত হৈ অসম আৰক্ষীৰ আধুনিকীকৰণৰ বিভিন্ন দিশ সম্পর্কত বিতংভাৱে আলোচনা কৰে৷

You might also like