নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰেলা পুলিচক লেৰেলা কৰাৰ প্রস্তুতি অসম আৰক্ষীৰ

বিশেষ বাৰ্তা, ৩ জুলাই : অসম আৰক্ষীত গেৰেলা পুলিচক লেৰেলা কৰাৰ প্রস্তুতি প্রায় সমাগত৷ কিয়নো অহা ১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৬টা স্থানত অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ পৰা আৰম্ভ কৰি হাবিলদাৰ, কনিষ্টবল পর্যায়লৈকে সকলোৱে অৱতীর্ণ হ’ব লাগিব বিএমআই পৰীক্ষাত ৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা কিছুদিন পূর্বে অসম আৰক্ষীৰ প্রত্যেকজন বিষয়া–জোৱানৰ শাৰীৰিক সক্ষমতা পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী বিভাগক নির্দেশ দিছিল৷ উক্ত নির্দেশৰ পাছতে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে শীর্ষ বিষয়াৰ পৰা আৰম্ভ কৰি জোৱানলৈকে সকলোৱে বিএমআই পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব বুলি ঘোষণা কৰিছিল৷ সেইমর্মে অহা ১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীৰ শাৰীৰিক সক্ষমতা পৰীক্ষা৷ উক্ত পৰীক্ষাত অৱতীর্ণ হৈ বিফল হোৱা আৰক্ষী বিষয়া অথবা কনিষ্টবলক পুনৰ ৩ মাহৰ সময়সীমা প্রদান কৰিব গৃহ বিভাগে৷ তাৰ পাছত পুনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব শাৰীৰিক সক্ষমতা পৰীক্ষা৷ তাতো যদি সফল নহয়, তেন্তে সেইসকল বিষয়া–কনিষ্টবলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্যৰ গৃহ বিভাগে৷ লক্ষণীয় যে অসম আৰক্ষীৰ প্রায়েই পেটুৱা পুলিচৰ সংখ্যা বৃদ্ধি পোৱা বুলি সর্বত্র চর্চা চলি আহিছে৷ দিনে–নিশাই কর্তব্যত নিয়োজিত থাকি শৰীৰৰ যত্ন ল’বলৈ প্রায়েই অনীহা প্রকাশ কৰি আহে আৰক্ষীসকলে৷ তেনে পৰিস্থিতিত অনুষ্ঠিত হ’ব লগা শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অধিকসংখ্যক আৰক্ষীয়ে যে বিফল হ’ব সেয়া পূর্বানুমান কৰিছে ৰাজ্যৰ সচেতন মহলে৷ ইপিনে, অনুষ্ঠিত হ’বলগীয়া বিএমআই পৰীক্ষাক লৈ সৰৱ চর্চা চলিছে অসম আৰক্ষীৰ ভিতৰচ’ৰাতো৷ কিয়নো পৰীক্ষাত ফেইল কৰি আধাতে চাকৰি হেৰুওৱাৰ মন বহুতৰে নাই৷ সেয়ে মদে–মাছে–মঙহে খাই ওফন্দি পৰা বৃহদাকাৰ বপুক স্বাভাৱিক কৰিবলৈ নিৰন্তৰ শাৰীৰিক অভ্যাস কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে একাংশ আৰক্ষী বিষয়া–জোৱানে৷ যি কি নহওক, পেটুৱা পুলিচৰ বর্ধিত সংখ্যাই দীর্ঘদিনে অপমানিত হ’বলৈ বাধ্য কৰা অসম আৰক্ষী এতিয়া গেৰেলাৰ পৰা লেৰেলা যে হৈ পৰিব, সেয়া নিশ্চিত হৈ পৰিছে৷

You might also like