নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত বৰনেউৰীয়াত আজি সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে দুটি শিশু আৰু এগৰাকী মহিলাকে ধৰি তিনিজন লোক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ডিমাপুৰৰ পৰা তুলি অভিমুখে আহি থকা এন এল-০৭-চি-৬০৯১ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন লিমা তুচি বুলি জানিব পৰা গৈছে। নিহত লোকজন মিজোৰামত কৰ্মৰত আছাম ৰাইফলছৰ জোৱান বুলিও লগতে জানিব পৰা গৈছে। দুৰ্ঘটনাটোত দুটি শিশু আৰু এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয়। বৰপথাৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে নিহত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।