নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভা, কলকাতা শাখাৰ পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতি দিৱস পালন

📌 গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নাতিনী পিকু সাহাই

বিশেষ বাৰ্তা, ২২ এপ্ৰিল : ২১ এপ্ৰিলত অসম সাহিত্য সভা, কলকাতা শাখাৰ উদ্যোগত ৰঙালী বিহু উৎসৱ পালনৰ লগতে অসমীয়া সাহিত্যৰ কাণ্ডাৰী, ভানুমতীৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৯সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে অসম ভৱন ছল্ট লেকত এখনি সোঁৱৰণী সভা আয়োজিত কৰা হয়। সভাৰ আৰম্ভণিতে পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোহাঞিবৰুৱাৰ নাতিনী তথা এ এছ এল ক্লাবৰ সম্পাদিকা তথা অসম সাহিত্য সভা, কলকাতা শাখাৰ সদস্য পিকু সাহাই । ইয়াৰ পিছতেই শাখাৰ আন সদস্যসকলেও গোহাঞিবৰুৱাৰ প্ৰতিকৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰত গোহাঞিবৰুৱাৰ অৱদানৰ এটি চমু অৱলোকন দাঙি ধৰে। পিকু সাহাই গোহাঞিবৰুৱাৰ তেজপুৰৰ আৱাস গৃহ আৰু তেওঁৰ কৰ্মজীৱনৰ ওপৰত বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই আৰম্ভ হয় চেনেহৰ ৰঙালী বিহু উৎসৱ উপলক্ষে বিহু আৰু অসমৰ লোকাচাৰ সম্পৰ্কীয় আলাপ-আলোচনা। অসম সাহিত্য সভা কলকাতা শাখাৰ পত্ৰিকা সম্পাদক বিশিষ্ট সাহিত্যিক চৈয়দ হাসমত জালালে অসমীয়া জাতিৰ গান বা নাচ বুলিলে যিদৰে বিহুগীত, ঠিক তেনেদৰ বংগৰ বা আন বহুতো ৰাজ্যৰ নিজস্ব জাতীয় নৃত্যৰ উদাহৰণ কাচিৎহে দেখিবলৈ পোৱা যায় বুলি মন্তব্য কৰে। তেওঁ গোৱালপাৰীয়া লোকগীত আৰু পশ্চিমবংগৰ কোচবিহাৰ অঞ্চলৰ আদিবাসী সংগীতৰ বহুখিনি সামঞ্জস্য থকাৰ কথাও উল্লেখ কৰে। শাখাৰ উপ-সভানেত্ৰী, প্ৰথিতযশা সাহিত্যিক ৰঞ্জিতা বিশ্বাসে শিপিনীৰ ওপৰত লেখা এটি স্বৰচিত গল্প পাঠ কৰে । অসম সাহিত্য সভা, কলকাতাৰ সদস্য, জাতীয় গ্ৰন্থালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰ কৰুণাকান্ত ডেকাই বিহুগীতসমূহ অসমীয়া সাহিত্যৰ পৰম সম্পদ বুলি মন্তব্য কৰে। বিহুগীতৰ উপৰি তেওঁ নামনি অসমৰ ভঠেলী উৎসৱৰ ওপৰত এটি চমু আভাস দাঙি ধৰে । শাখাৰ সদস্য ৰীণা আচাৰ্যই উজনি অসমৰ গাঁওসমূহত হুঁচৰি দলৰ আশীৰ্বাদৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। শাখাৰ কোষাধ্যক্ষ নীলাক্ষি কলিতাই পদ্মনাথ গোহাঞিবৰুৱাৰ বিহুৰ ওপৰত ৰচিত এটি কবিতা আবৃত্তি কৰে। সদস্য সৈকত পত্ৰনবিছে গুৰুজনাৰ বৰগীত আৰু এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। শাখাৰ সহ: সম্পাদিকা কস্তুৰী শৰ্মা গোস্বামীয়ে বিহুগীতৰ শৰাই আগবঢ়ায়। শেষত সকলোৱে মিলি সমূহীয়া বিহু হুঁচৰি গাই চেৰা বিহু আৰু ৰঙালীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে শাখাৰ সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে।

You might also like