🔹 মৃণালিনী দেৱীক “অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্রাণ সন্মান”-নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক “অসম সাহিত্য সভা সেৱা সন্মান”
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কল্যাণ কলিতা, ৩ ফেব্ৰুৱাৰী : পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত চলি থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি চতুৰ্থ দিনা অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ ঘোষণা কৰা হয়৷ ভট্টদেৱ ক্ষেত্ৰৰ অস্থায়ী প্ৰেক্ষাগৃহত এক সংবাদ মেলযোগে এই বঁটাসমূহ ঘোষণা কৰা হয়৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই সম্বোধন কৰা সংবাদ মেলখনত কাইলৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিৱেশনত প্রদান কৰিবলগীয়া সভাৰ বিভিন্ন বঁটা আৰু প্ৰাপকৰ নাম ঘোষণা কৰে বিদায়ী সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই৷ ৪ ফেব্ৰুৱাৰীৰ ৪:৩০ বজাত অধিৱেশনথলীৰ মূল মঞ্চত প্রদান কৰিবলগীয়া বঁটাসমূহ হৈছে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা “অসমীয়া ভাষাৰ আত্মপ্রতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্রসংগ” গ্ৰন্থৰ বাবে নীলমণি সেন ডেকাক, গীত, কবিতা, নাটিকা, উপন্যাস আদি ৰচনা সম্ভাৰৰ বাবে যোৰহাটৰ নলিনীবালা হাজৰিকাক বাসন্তী বৰদলৈ বঁটা, “অসমৰ আদি ৰূপ প্রাগজ্যোতিষপুৰ, লৌহিত্য আৰু কামৰূপ কমতা” গ্ৰন্থৰ বাবে পাচুগোপাল চক্রৱর্তীক সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা, “গান্ধীৰ দুখৰ দিনবোৰ, গান্ধীৰ পৰা শাস্ত্রীলৈ” গ্ৰন্থৰ বাবে জয়কান্ত শৰ্মাক ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা, “উৰি গ’ল ৰাজহংস” উপন্যাসৰ বাবে প্রমোদ কলিতাক কলাগুৰু বিষুপ্ৰসাদ ৰাভা বঁটা, “দেশ দিপান্তৰে নানা কথা” গ্ৰন্থৰ বাবে সুমিত্রা হাজৰিকাক হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা, অপৰাজিতা পূজাৰীক “মদাৰ ফুলৰ জুই” গ্ৰন্থৰ বাবে গিৰিধৰ শৰ্মা বঁটা, অদিতি খাউণ্ডক সামগ্রিক শিশু উপযোগী গ্রন্থৰ বাবে প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা, চন্দনা পাঠকক “পান্থশালা” গ্ৰন্থৰ বাবে নকুল চন্দ্র সভাপণ্ডিত সোঁৱৰণী বঁটা, “অসমৰ কিংবদন্তি” গ্ৰন্থৰ বাবে হৰিদ্ৰ মোহন নাথক দুর্গাধৰ বৰকটকী সোঁৱৰণী বঁটা, ডাঃ শংকৰ কুমাৰ দাসক “বার্ধক্যও সুন্দৰ হ’ব পাৰে” গ্ৰন্থৰ বাবে গোপাল চন্দ্র বৰুৱা সোঁৱৰণী বঁটা, বালিপাৰা ফাউণ্ডেচনৰ লাৱণ্য প্রিন্টিং প্রেছ, গুৱাহাটীৰ অর্কিড অৱ আচামক “হৰিপ্ৰসাদ নেওগ মুদ্রণ অলংকৰণ বঁটা”, “গ্রন্থ গান্ধাৰী” কাব্য সংকলনৰ বাবে ড° নীলোৎপল শর্মা, উগ্ৰতাৰা ন্যাস বঁটা পুঁজি, গুৱাহাটীৰ বেদব্রত মিশ্রক “লেং” গ্ৰন্থৰ বাবে ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা, চন্দনা বেজবৰুৱাক “অমানুহ” গ্ৰন্থৰ বাবে উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা, দেৰগাঁৱৰ জ্যোতি কুমাৰী শৰ্মাক “ধেমালিৰ ছলেৰে বিজ্ঞানৰ ইটো সিটো” গ্ৰন্থৰ বাবে অনিল কুমাৰ শৰ্মা সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা, ভৰত ৰাজখোৱাক “সহযোদ্ধা” গ্ৰন্থৰ বাবে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা, নর্থ লক্ষীপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী আকাংক্ষা তামুলীক “ধ্রুপদী অসমীয়া ভাষা : সম্ভাৱনা আৰু প্রত্যাহ্বান” ৰচনাৰ বাবে অসম সংঘ আমেৰিকা বঁটা, শিৱসাগৰৰ ডিমৌৰ অভিজিৎ গগৈক কাব্যশ্রী হাজৰিকা ন্যাস বঁটা৷
অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা ঘোষণা
ইপিনে, কাইলৈ একেটি অনুষ্ঠানতে অসম সাহিত্য সভাৰ সংবিধানৰ অধিনিয়ম ৭, ২০১৮ৰ অনুচ্ছেদ ৩ (ঘ)ৰ দফাৰ দ্বাৰা প্ৰদত্ত ধাৰাত উল্লেখ থকা সৃষ্টিশীল, গৱেষণাধর্মী আৰু বিশ্লেষণাত্মক সাহিত্য সাধকক অনুপ্রাণিত কৰিবৰ বাবে অসম সাহিত্য সভাৰ সভাপতিয়ে বছৰেকত ৰাজ্যখনৰ পাঁচজন প্রতিশ্রুতিসম্পন্ন, প্রতিভাৱান কবি, লেখক, সমালোচকক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰদান কৰিব। এই বিধি অনুসৰি ২০২৩-২৫ বৰ্ষৰ ক্ষেত্ৰত সভাপতিৰূপে সমালোচনা সাহিত্য “চিৰদিন অসমীয়া”ৰ বাবে ময়ুৰ বৰাক, “অ’ মোৰ সুৱদি মাত” গ্ৰন্থৰ বাবে ভৱানী প্রসাদ অধিকাৰীক, “অসমৰ ঐতিহ্য” গ্ৰন্থৰ বাবে শান্তনু কৌশিক বৰুৱাক, গৱেষণাধর্মী গ্ৰন্থ “অসমৰ যাত্রা অভিনয়ৰ ইতিহাস”ৰ বাবে ধীৰেন শর্মাক, “ভাষাৰ মৰণ যাত্রা” প্রবন্ধৰ বাবে ড° সীমা বৰাক, “সোমদিৰি নৈ জীৱন ঘাট” উপন্যাসৰ বাবে সোণমণি দাসক আৰু গহপুৰৰ বৰ্ণালী শইকীয়াক ‘অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা’ প্রদান কৰা হ’ব৷
অসম সাহিত্য সভাৰ বিভিন্ন সাংগঠনিক বঁটা আৰু প্ৰাপকৰ নাম ঘোষণা
একেখন সংবাদ মেলতে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰিশি সন্দিকৈয়ে কাইলৈ প্ৰদান কৰিবলগীয়া বিভিন্ন সাংগঠনিক বঁটা আৰু প্ৰাপকৰ নাম ঘোষণা কৰে৷ সেই অনুসৰি বঁটাসমূহ এনেধৰণৰ- জিলা সাহিত্য সভাৰ ওদালগুৰি জিলা সাহিত্য সভাক সর্বশ্রেষ্ঠ জিলা সাহিত্য সভা; কার্বি আংলং জিলা সাহিত্য সভা, কামৰূপ জিলা সাহিত্য সভা আৰু গোৱালপাৰা জিলা সাহিত্য সভাক শ্রেষ্ঠ জিলা; শাখা সাহিত্য সভাৰ গোবিন্দ মিশ্র শাখা সাহিত্য সভাক সর্বশ্রেষ্ঠ শাখা সাহিত্য সভা; শদিয়া শাখা সাহিত্য সভা, আইশাখাতি শাখা সাহিত্য সভা আৰু টীয়ক শাখা সাহিত্য সভাক শ্রেষ্ঠ শাখা সাহিত্য সভা; গ্রেট ব্ৰিটেইনৰ অসম সাহিত্য সভা যুক্তৰাজ্য শাখা, অসম সাহিত্য সভা নতুন দিল্লী শাখা, অসম সাহিত্য সভা আহমেদাবাদ শাখা, লিডু শাখা সাহিত্য সভা, সৃজনগ্রাম শাখা সাহিত্য সভা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাক শাখা সাহিত্য সভাৰ বিশেষ বঁটা; সংগঠকৰ বঁটাত যোৰহাটৰ ক্ষীৰোদ দাসক সর্বশ্রেষ্ঠ সংগঠক; লিডুৰ ৰাণাজ্যোতি নেওগ, গোলাঘাটৰ দিগন্ত ভূঞা, মুম্বাইৰ ৰুমা হাজৰিকা, নলবাৰীৰ পংকজ বেজবৰুৱা, ওদালগুৰিৰ অখিল কলিতা আৰু বৰপেটাৰ গিৰিধৰ চৌধুৰী, শ্রেষ্ঠ সংগঠক; ডাঃ বিপিন চন্দ্র কলিতা, গৌতমানন্দ গোস্বামী গৌতম গগৈ, গোবিন্দ কলিতা আৰু প্রমোদ ডেকাক সংগঠকৰ বিশেষ বঁটা; প্রফুল্ল বর্মন, সত্ৰাম ডেকা আৰু বিশ্বজ্যোতি হাজৰিকাক শ্রেষ্ঠ সম্পাদক; প্রবীণ হাজৰিকা, অৰুণিমা সন্দিকৈ আৰু সূর্য গগৈক জিলা প্রতিনিধি বঁটা; অজয় সিংহ, আজাদ আলী আহমেদ আৰু অপূর্ব ফুকনক শ্রেষ্ঠ সাংগঠনিক সম্পাদক; ডাঃ সমৰ তালুকদাৰক সর্বশ্রেষ্ঠ আহ্বায়ক; দিলীপ শর্মা, অজিত প্রসাদ শর্মা, মঞ্জু হাজৰিকা আৰু হেমন্ত কলিতাক শ্রেষ্ঠ আহ্বায়ক; মহেন্দ্র শইকীয়া, কামদেৱে দাস আৰু ড° ইন্দ্রজিৎ বেজবৰুৱাক জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ সভাপতি; জিতুমণি দাস, ৰজনী শালৈ আৰু ৰেৱত কুমাৰ হাজৰিকাক শ্রেষ্ঠ জিলা সম্পাদক বঁটা প্ৰদান কৰা হব৷ তদুপৰি অসম সাহিত্য সভাৰ তৰফৰ পৰা মৃণালিনী দেৱীক প্ৰথমবাৰৰ বাবে “অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্রাণ সন্মান” আৰু নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক “অসম সাহিত্য সভা সেৱা সন্মান” আগবঢ়োৱা হ’ব৷