আৰু ৭ গৰাকী খালিস্তান সমৰ্থকক ডিব্ৰুগড়লৈ! কাৰাগাৰৰ নিৰাপত্তা বৃদ্ধি
- মুঠ ১১ গৰাকী খালিস্তানী সমৰ্থক তিনি মাহৰ বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কৰাগাৰত
- নিশ্ছিদ্ৰ পহৰা, কামাণ্ডোৰ নিৰিক্ষণ!
- কাৰাগাৰৰ নিৰাপত্তা বৃদ্ধি কৰাৰ নিৰ্দেশ আইজিপিৰ
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: অশান্ত পাঞ্জাৱৰ পৰা আৰু ৭ গৰাকী উগ্ৰ খালিস্তান সমৰ্থকক ডিব্ৰুগড়লৈ অনাৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে।ইয়াকে লৈ পাঞ্জাৱৰ
‘ৱাৰিছ পাঞ্জাৱ দে’ৰ সদস্যৰ সংখ্যা ১১ গৰাকীলৈ বৃদ্ধি পাব।পাঞ্জাৱ যিমানেই অশান্ত হৈ পৰিছে,সিমানেই উদ্বিগ্নতা বৃদ্ধি পাইছে অসমত।ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বৃদ্ধি পাইছে তৎপৰতা আৰু ভীষণ ব্যস্ততা।কাৰাগাৰৰ মুল প্ৰৱেশদ্বাৰত মেটেল ডিটেক্টৰ স্থাপন কৰাৰ সমান্তৰালকৈ কাৰাগাৰৰ চৌদিশে কামাণ্ডু নিয়োগ কৰা হৈছে।মুঠৰ ওপৰত এক নিশ্চিদ্ৰ পহৰা।কাৰাগাৰৰ ভিতৰে-বাহিৰে অতিৰিক্ত চিচি কেমেৰাও সংস্থাপন কৰা হৈছে।
খালিস্তান সমৰ্থক সংগঠন ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃত পাল সিঙৰ নেতৃত্বত ক্ৰমে উত্তপ্ত আৰু অশান্ত হৈ পৰিছে পাঞ্জাৱ।কালি উক্ত সংগঠন তথা অমৃত পাল সিঙৰ চাৰিগৰাকীকৈ সহযোগীক পাঞ্জাৱৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ পাছত পুনৰ আৰু সাত গৰাকী ব্যক্তিক আজি বা কালিলৈ শ্ৰীঘেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হব।খালিস্তান সমৰ্থক সংগঠন “ৱাৰিছ পাঞ্জাব দে”ৰ আৰু ৭ জন সদস্য আৰু অমৃতপল সিঙৰ ঘনিষ্ঠ সহযোগীক আগন্তুক ২৪ ঘন্টাত বায়ু সেনাৰ বিশেষ বিমানেৰে অসমৰ ডিব্ৰুগড়লৈ অনাৰ পূৰ্ণ সম্ভাৱনা আছে।এই কথা একপ্ৰকাৰ নিশ্চিত কৰি ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত কয় যে, আমাৰ হাতত পৰা তথ্য অনুসৰি আজি বা কাইলৈ ৱাৰিছ পাঞ্জাৱ দে আৰু ৭ জন সদস্যক বিমানেৰে ডিব্ৰুগড়লৈ লৈ অনা হ’ব।ইতিমধ্যে এই সংগঠনটোৰ চাৰিজন সদস্যক কালি দিনৰ ভাগতে ডিব্ৰুগড়লৈ অনা হৈছে আৰু তেওঁলোকক বৰ্তমানে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আচুতীয়া বিশেষ কোঠাত ৰখা হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি জেলৰ ভিতৰত আৰু বাহিৰত নিৰাপত্তা অধিক শক্তিশালী কৰিছো।নিৰাপত্তাৰ বাবে অসম আৰক্ষী জোৱান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক নিয়োগ কৰা হৈছে বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে।জানিব পৰা অনুসৰি দেওবাৰে নিশা পাঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা “ৱাৰিছ পাঞ্জাৱ দে”ৰ মুৰব্বী অমৃতপল সিঙৰ ককাক হৰজীত সিঙক সংগঠনটোৰ অন্যান্য সদস্যৰ সৈতে বিমানেৰে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হ’ব।
ইতিমধ্যে অমৃতপল সিঙৰ চাৰিজন ঘনিষ্ঠ সহায়কক দেওবাৰে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড়লৈ অনা হয়।তেওঁলোকৰ সৈতে আই জি কাৰাগাৰকে ধৰি ২৭ জনীয়া পাঞ্জাৱ আৰক্ষীৰ এটা দলো উপস্থিত থাকে। পাঞ্জাৱত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত অভিযোগনামা দাখিল কৰা চাৰিজন বন্দী – দলজীত কালসী, বসন্ত সিং, গুৰমীত সিং ভূখানৱালা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে বৰ্তমানে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছে।অহা তিনিমাহৰ বাবে ১১ গৰাকীকে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হব।
শেহতীয়া পৰিস্থিতিৰ মাজতে আজি নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আই জি পি (আইন-শৃংখলা) প্ৰশান্ত কুমাৰ ভূঞাই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতি,নিৰাপত্তা ব্যৱস্থা আদিৰ বিষয়ে বুজ লয়।আই জি পি ভূঞাই পৰিদৰ্শন কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ ভিতৰত আৰু বাহিৰত নিৰাপত্তা বৃদ্ধি কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক,অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াকে ধৰি ডিব্ৰুগড় আৰক্ষীৰ শীর্ষ দলৰ সৈতেও আই জি পি গৰাকীয়ে, জি-২০ৰ লগতে আইন-শৃংখলাৰ ওপৰত এক বৈঠকত মিলিত হয়৷
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।