নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাজ্যিক চিৰিয়াখানাত বিশুদ্ধ খোৱাপানীৰ অভাৱত দর্শনার্থীৰ বিড়ম্বনা

📌 বিকল কোটিটকীয়া লাইটৰ প্রকল্প

বিশেষ বার্তা, ২8 জুনঃ বিতর্কই লগ নেৰা অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত হৈছে আন এক আজব ঘটনা৷ চিৰিয়াখানা কর্তৃপক্ষৰ উদাসীনতাৰ বাবে বন্ধ হৈছে বিনামূলীয়া খোৱাপানীৰ আঁচনি৷ ফলত উৎকট গৰমত দূৰ–দূৰণিৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অহা দর্শনার্থী, পর্যটকসকলে খোৱাপানীৰ বাবে চিৰিয়াখানাৰ ভিতৰত হাবাথুৰি খাব লগা হৈছে ৷ একেদৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ চূড়ান্ত হেমাহিৰ বাবে চিৰিয়াখানাৰ ভিতৰত গঢ় লৈ উঠা দুখনকৈ নেৰামেকৰ বিপণী এতিয়া বন্ধ হৈছে ৷ উল্লেখযোগ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত দর্শনার্থীৰ সুবিধার্থে বিগত বর্ষত কৃষি বিভাগৰ সহযোগত চিৰিয়াখানাৰ ভিতৰত মুকলি কৰা হৈছিল দুখনকৈ নেৰামেকৰ দোকান ৷ য’ত উৎকৃষ্ট মানৰ ফলৰ ৰসৰ লগতে দর্শনার্থীসকলে জুতি ল’ব পাৰিছিল থলুৱা খাদ্যৰ ৷ সম্প্রতি এই দুখন বিপণী বন্ধ হৈ থকাৰ বাবে চিৰিয়াখানা চাবলৈ অহা দর্শনার্থীসকলে খোৱা খাদ্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ এফালে খোৱাপানীৰ আঁচনি বন্ধ, আনফালে নেৰামেকৰ এই দুখন বিপণী বন্ধ কৰি দর্শনার্থীসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে চিৰিয়াখানা কর্তৃপক্ষৰ বিৰুদ্ধে৷ এইক্ষেত্রত শীঘ্রে চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে একাংশ সচেতন লোকে ৷ ইফালে, ২০১৮ চনত অসম ৰাজ্যিক চিৰিয়াখানাত স্থাপন কৰা হৈছিল ডেৰ কোটি টকাৰ বিদ্যুতৰ আঁচনি ৷ সম্প্রতি এই আঁচনি অসম ৰাজ্যিক চিৰিয়াখানাত বিকল হৈ আছে৷ ফলত চিৰিয়াখানাৰ ভিতৰে-বাহিৰে এতিয়া অন্ধকাৰ পৰিৱেশ ৷

You might also like