বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ অসমৰ চাহৰ ২০০ বছৰীয়া যাত্রাক প্রতীকপট ৰূপত এইবাৰ তুলি ধৰা হ’ব গণৰাজ্য দিৱসত৷ শতিকাজুৰি বিকশিত হৈ অহা অসমৰ চাহ আৰু চাহ সংস্কৃতিৰ লগত জড়িত বিষয়সমূহক আগত লৈ ইতিমধ্যে প্রস্তুত কৰা হৈছে প্রতীকপট৷ অহা ২৬ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱসৰ পেৰেডত এই প্রতীকপট সমগ্র দেশবাসীৰ আগত তুলি ধৰাৰ লক্ষ্যৰে আৰম্ভ হৈছে পূর্ণপ্রস্তুতি৷ মুখ্যতঃ অসমৰ ২০০ বছৰীয়া চাহৰ এক গতিশীল সংস্কৃতিৰ আভাস তুলি ধৰা হ’ব এই প্রতীকপটত৷ অসমৰ পৰিচয়েৰে দাঙি ধৰিব লগা এই প্রতীকপটত চাহ খেতিৰ লগত কিদৰে অসমৰ সংস্কৃতি, অসমৰ ঐতিহ্য জড়িত হৈ আছে তাক জীৱন্ত আৰু চিত্র প্রদর্শনীৰে সেউজীয়া কৰি তোলাৰ বাবে লক্ষ্য লোৱা হৈছে৷ চাহৰ ২০০ বছৰীয়া যাত্রাক প্রতীকপটৰ জৰিয়তে তুলি ধৰি বিশ্বব্যাপী অসমৰ চাহৰ গুৰুত্ব কিমান, বিশ্বজুৰি যে অসমৰ চাহে খ্যাতি অর্জন কৰিছে তাক দেশবাসীৰ আগত দাঙি ধৰা হ’ব৷ কার্যতঃ অসমৰ চাহৰ সুগন্ধি যাত্রাৰে দর্শকৰ দৃষ্টি আকর্ষণৰ লক্ষ্য লোৱা হৈছে এই প্রতীকপটৰ জৰিয়তে৷