নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ গণেশ মন্দিৰ পথত গছপুলি ৰোপণ অসম বৃক্ষৰোপক-সংৰক্ষক সংস্থাৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ নলবাৰী জিলাৰ বালিতাৰাৰ কিছু সংখ্যক ছাত্ৰৰ দ্বাৰা কিছুদিন পূৰ্বে গঠন হোৱা “অসম বৃক্ষৰোপক আৰু সংৰক্ষক সংস্থা”ত বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰকৃতি প্ৰেমী সদস্য অন্তৰ্ভুক্ত হৈছে। সংস্থাৰ সকলো সদস্যই প্ৰতি মাহৰ দুটাকৈ দেওবাৰ তথা সংস্থাৰ কোনো সদস্যৰ লগতে কোনো অসম তথা বিশ্বৰ গৌৰৱৰ ওপজা দিনত অতি কমেও ৫টাকৈ গছপুলি ৰোপণ কৰাৰ প্ৰতিজ্ঞা বদ্ধ হৈছে। কালি ছাত্ৰ সমাজ লগ হৈ নলবাৰী গণেশ মন্দিৰত একত্ৰিত হৈ এগছি চাকি আগবঢ়াই নলবাৰী গণেশ মন্দিৰ চʼকৰ পৰাই এই সংস্থাটোৰ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। এই শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰা সমূহ সদস্য‌ই ঘৰৰ ওচৰে পাজৰে গছ পুলি ৰোপন কৰি প্ৰতিশ্ৰুতি বজাই ৰাখে। প্ৰথম দিনৰ এই শুভাৰম্ভ কাৰ্য্যসূচীত উপস্থিত থাকে ছাত্ৰ ক্ৰমে সাগৰ ৰাজবংশী, আকাশ সাউদ, ত্ৰিদিপ বৰ্মন, কুলদ্বীপ বৈশ্য, জীৱন ৰাজবংশী, ৰক্তিম ৰঞ্জন কাশ্যপ, ধ্ৰুৱজ্যোতি হালৈ, কপিল শৰ্মা, নিতু ৰাজবংশী, হেমজিত কলিতা, নিয়ৰ বৰ্মন, ৰক্তিম কলিতা, ধীৰাজ বৰ্মনকে ধৰি কেবাগৰাকী সদস্য। সংস্থাটোৱে আৰম্ভণি দিনটোতেই নলবাৰী ধমধমা পথত প্ৰায় ১০০ গছপুলি ৰোপন কৰে। ৫ জুন বিশ্ব পৰিৱেশ দিৱসত এই সংস্থাটোৱে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক গছপুলিৰ সৈতে জড়িত বিভিন্ন কথাৰ লগত সংগতি ৰাখি সজাগতা সভা অনুষ্ঠিত কৰা, গছ পুলি ৰোপণ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্য কৰাৰ বাবে প্ৰতিশ্ৰুতি গ্ৰহণ কৰে।অসমক ইয়াৰ পূৰ্বৰ চিৰসেউজ ৰূপ প্ৰদান কৰা তথা ভৱিষ্যত প্ৰজন্মক এখন সুস্থ পৰিৱেশৰ সমাজ উপহাৰ স্বৰূপে দিয়াই এই সংস্থাটোৰ প্ৰধান লক্ষ্য আৰু প্ৰথম উদ্দেশ্য বুলি সংস্থাটোৰ সদস্য সকলে জানিবলৈ দিছে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like