নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰপিটক কেন্দ্র কৰি উত্তাল অসম বিশ্ববিদ্যালয় : শিক্ষার্থীক প্রহাৰ প্রাক্তন ছাত্রৰ

বিশেষ বাৰ্তা, ১২ ফেব্রুৱাৰীঃ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত সংঘটিত এক মাৰপিটৰ ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈ পৰিছে পৰিৱেশ৷ বিজেপিৰ যুৱ মর্চাৰ সভাপতি বিশ্বজিৎ ভট্টাচার্যই কালি নিশা বিশ্ববিদ্যালয়খনৰ এটা হোষ্টেলত প্রৱেশ কৰি এজন ছাত্রক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে৷ এই ঘটনাক লৈয়ে আজি অসম বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে শিলচৰ–হাইলাকান্দি পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি কালি নিশা যুৱ মর্চাৰ সভাপতি বিশ্বজিৎ ভট্টাচার্য আৰু কৃষ্ণংশু চক্রৱর্তী নামৰ ছাত্র দুজনে বিশ্ববিদ্যালয়খনৰ সংস্কৃত বিভাগত গৱেষণা কৰি থকা বিশ্বজিৎ ৰুদ্রপাল নামৰ এজন ছাত্রৰ হোষ্টেল কক্ষত প্রৱেশ কৰি তেওঁক বিভিন্ন ধৰণৰ প্রশ্ণ কৰাৰ লগতে তেওঁৰ লগত থকা খোৱা সামগ্রী বিচাৰে৷ ছাত্রজনে বিশ্বজিৎ ভট্টাচার্য আৰু কৃষ্ণংশু চক্রৱর্তীক তেওঁৰ লগত থকা খাদ্য দিয়াৰ পাছত ছাত্র দুজনে হোষ্টেল কক্ষতে চিগাৰেট হুঁপিবলৈ আৰম্ভ কৰে৷ ইয়াকে লৈ বিশ্বজিৎ ৰুদ্রপালৰ সৈতে বাক–বিতণ্ডা আৰম্ভ হয় আৰু এই ঘটনাক লৈয়ে যুৱ মর্চাৰ সভাপতি বিশ্বজিৎ ভট্টাচার্যই বিশ্ববিদ্যালয়খনৰ ছাত্র বিশ্বজিৎ ৰুদ্রপালক এটা পেচাৰ কুকাৰেৰে মূৰত আঘাত কৰে৷ ফলত অচেতন হৈ পৰা ছাত্রজনক খৰখেদাকৈ শিলচৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ এই ঘটনা সংঘটিত কৰিয়ে বিশ্বজিৎ ভট্টাচার্য আৰু কৃষ্ণংশু চক্রৱর্তী উক্ত হোষ্টেলৰ পৰা আঁতৰি যায়৷ হোষ্টেলৰ আন শিক্ষার্থীসকলে ঘটনা সন্দর্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ উপস্থিত হোৱাৰ সময়তে উক্ত থানাত উপস্থিত হয় বিশ্বজিৎ ভট্টাচার্য আৰু আৰক্ষীক গোচৰ ৰুজু কৰাত বাধা প্রদান কৰে৷ ৰাজনৈতিক ক্ষমতা দেখুৱাই যুৱ মর্চাৰ সভাপতিজনে ওলোটাই বিশ্বজিৎ ৰুদ্রপালৰ ওপৰতহে নানা অভিযোগ উত্থাপন কৰে৷ এই ঘটনাক লৈয়ে আজি বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে যুৱ মর্চাৰ সভাপতি বিশ্বজিৎ ভট্টাচার্য আৰু কৃষ্ণংশু চক্রৱর্তীক গ্রেপ্তাৰৰ দাবীৰে শিলচৰ–হাইলাকান্দি সংযোগী পথ অৱৰোধ কৰে৷ উল্লেখ্য যে যুৱ মর্চাৰ সভাপতি বিশ্বজিৎ ভট্টাচার্য অসম বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্র আছিল৷ আনহাতে কৃষ্ণংশু চক্রৱর্তী বর্তমানেও বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্র৷

You might also like