এহাজাৰ বিদ্যালয়ক লৈ ‘প্রত্যাহ্বান’ আঁচনি চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ শিক্ষাৰ মান আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে নির্বাচিত এহেজাৰখন বিদ্যালয়ক সামৰি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব প্রত্যাহ্বান শীর্ষক এখন আঁচনি৷ বিশেষকৈ স্থানীয় অঞ্চলসমূহত শিক্ষক আৰু শিক্ষার্থীৰ বাবে এই বিদ্যালয়সমূহক শীর্ষস্থানত ৰখাৰ বাবে গ্রহণ কৰা হৈছে এই আঁচনিখন৷ এই সন্দর্ভত ৰাজ্য চৰকাৰে বান্ধি দিয়া যোগ্যতাসমূহ থকা বিদ্যালয়ৰ তালিকা প্রেৰণ কৰিবলৈ সমগ্র শিক্ষাৰ মিছন সঞ্চালকে সকলো জিলাৰ বিদ্যালয় পৰিদর্শকসকলক নির্দেশনা দিছে৷ এই সন্দর্ভত যাৱতীয় প্র–পত্রসমূহ জমা দিয়াৰ বাবে পৰিদর্শকসকলক ২০ আগষ্ট সময়সীমা ধার্য কৰি দিয়া হৈছিল৷
উল্লেখ্য যে শ্রেণী, গুণোৎসৱৰ প্রদর্শন, শিক্ষকৰ স্থান আৰু আন্তঃগাঁথনিৰ ভিত্তিত বিদ্যালয়ৰ তালিকা প্রস্তুতৰ বাবে নির্দেশনা প্রদান কৰা হৈছে পৰিদর্শকসকলক৷ এছ এছ এ/টি টি/প্রত্যাহ্বান/২১৭/২০২০ নম্বৰৰ নির্দেশনা অনুসৰি অংগনৱাড়ী কেন্দ্র আৰু আই চি টি সুবিধা থকা প্রথমৰ পৰা দশম শ্রেণীলৈ আৰু প্রথমৰ পৰা দ্বাদশ শ্রেণী থকা বিদ্যালয়সমূহক অগ্রাধিকাৰ প্রদান কৰা হ’ব৷ উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব৷ আনহাতে, ২০১৭ আৰু ২০১৮ চনত অনুষ্ঠিত কৰা গুণোৎসৱত এ প্লাছ গ্রেড লাভ কৰা বিদ্যালয়সমূহক তালিকাত অন্তর্ভুক্ত কৰা হ’ব৷ একেদৰে যথেষ্ট পৰিমাণৰ শিক্ষক থকা বিদ্যালয়সমূহকহে এই তালিকাত অন্তর্ভুক্ত কৰিবলৈ নির্দেশ দিয়া হৈছে বিদ্যালয় পৰিদর্শকসকলক৷
এজনীয়া অথবা দুজন শিক্ষকেৰে চলা বিদ্যালয়সমূহক পৰাপক্ষত এই তালিকাৰ পৰা বাদ দিবলৈ আহ্বান জনোৱা হৈছে৷ তালিকাৰ বাবে স্থানপ্রাপ্ত বিদ্যালয়সমূহত নূ্যনতম ৭৫গৰাকী শিক্ষার্থী থাকিব লাগিব৷ প্রতিখন গাঁৱৰ পৰা সর্বাধিক এখন স্কুলহে অন্তর্ভুক্ত কৰিব পাৰিব এই আঁচনিৰ বাবে৷ সেইদৰে আন্তঃগাঁথনিৰ ক্ষেত্রত কিছু নির্ধাৰিত সা–সুবিধা থকা বিদ্যালয়কহে সামৰি লোৱা হ’ব প্রত্যাহ্বানত৷ উদাহৰণস্বৰূপে পর্যাপ্ত পৰিমাণৰ শ্রেণীকোঠা, ছাত্র আৰু ছাত্রীৰ বাবে সুকীয়া অনাময় ব্যৱস্থা, খোৱাপানীৰ সুবিধা তথা শিক্ষার্থীৰ বাবে আসনৰ ব্যৱস্থাপনা থকা বিদ্যালয়সমূহকহে প্রত্যাহ্বান আঁচনিৰ বাবে অন্তর্ভুক্ত কৰিবলৈ সমগ্র শিক্ষাই বিদ্যালয় পৰিদর্শকসকলক নির্দেশ দিছে৷