নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নাহৰফুটুকীৰ আক্রমণত শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ ৰাজধানী মহানগৰ গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰিত আজি নাহৰফুটুকীৰ আক্রমণত এটি ৬ বছৰীয়া শিশুৰ মৃত্যু হয়৷ সন্ধিয়া প্রায় ৬ বজাত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে পাহাৰৰ পৰা নামি অহা এটা নাহৰফুটুকীয়ে শিৱম কুমাৰ নামৰ শিশুটিক ডিঙিত কামুৰি চোঁচৰাই নিয়ে৷ নাহৰফুটুকীটোৰ অতর্কিত আক্রমণত হতভম্ব হৈ খেলি থকা শিশুকেইটিয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজে নাহৰফুটুকীটোক খেদি পঠিয়াবলৈ সক্ষম হয়৷

নাহৰফুটুকীটোৱে শিৱমক এৰি পাহাৰৰ হাবিৰ মাজত সোমাই পৰে৷ আহত শিৱমক উদ্ধাৰ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভর্তি কৰে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে৷ নাহৰফুটুকীৰ আক্রমণত শিশুটিৰ মৃত্যু হোৱাৰ পিছতে আদিংগিৰিত তীব্র আতংকই বিৰাজ কৰিছে৷ অবাধে চলি থকা বনধ্বংসৰ পৰিণতিতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকীৰ আক্রমণত আদিংগিৰিত পূর্বতেও কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল৷

অকল আদিংগিৰিতে নহয়, গুৱাহাটীৰ বিভিন্ন অঞ্চলত এতিয়া বাঘৰ মুক্ত বিচৰণ নিত্য–নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ এইক্ষেত্রত বন বিভাগে প্রয়োজনীয় কার্যব্যৱস্থা গ্রহণত ব্যর্থ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷

You might also like