নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাষ্ট্রীয় পর্যায়ত পুনৰ জিলিকি উঠিল অসমৰ সমৃদ্ধ সংস্কৃতি৷ এইবাৰ দেশজুৰি জনপ্রিয় ক’ক ষ্টুডিঅ’ত স্থান লাভ কৰিলে মৰাণসকলৰ ঐতিহ্যসমৃদ্ধ হাতী শিকোৱা গীতে৷ ক’ক ষ্টুডিঅ’ৰ তৃতীয় সংস্কৰণত মৰাণসকলৰ হাতী শিকোৱা জনপ্রিয় গীত ‘হ’ল’ ল’ল’ শীর্ষক গীতটি পৰিৱেশন কৰা হৈছে৷ অসমৰ জনপ্রিয় সংগীত শিল্পী শংকুৰাজ কোঁৱৰ আৰু বলীউডৰ জনপ্রিয় সংগীত শিল্পী শালমলি খোলগাড়েই এই ফিউজন গীতটোত কণ্ঠদান কৰিছে৷ এই গীতটো অসমৰ সামগ্রিক চহা জীৱনক প্রতিফলিত কৰাকৈ বাণীবদ্ধ কৰি সম্প্রচাৰ কৰা হৈছে৷ ইতিমধ্যে ইয়াক মুকলি কৰি দিয়াৰ লগে লগে ব্যাপক জনপ্রিয়তা লাভ কৰাও পৰিলক্ষিত হৈছে৷ এই গীত সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি শংকুৰাজ কোঁৱৰে কয় যে মৰাণসকলৰ এই প্রসিদ্ধ সংস্কৃতিক পুনৰ জীৱন্তভাৱে উপস্থাপন কৰাটো তেওঁৰ বাবে এক সন্মানৰ বিষয়৷ এয়া অসমৰ ইতিহাসৰ প্রতি এক সন্মান৷ এনে এখন বৃহৎ মঞ্চ প্রদান কৰাৰ বাবে তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে৷ গীতটিত কণ্ঠদান কৰা বলীউডৰ জনপ্রিয় গায়িকা শালমলিয়ে কয় যে মৰাণসকলৰ এই গীতটোৱে অসমৰ ঐতিহ্যক সুন্দৰভাৱে প্রতিফলিত কৰিছে৷ ক’ক ষ্টুডি’ৰ জৰিয়তে লোক–সংগীতে এক নতুন মাত্রা লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে কোকাকোলাৰ ইণ্ডিয়াৰ আইএমএক্স লীড শান্তনু গংগানে কয় যে ক’ক ষ্টুডিঅ’ৰ তৃতীয় সংস্কৰণে ভাৰতৰ ঐতিহ্যময় কাহিনী পুনৰ প্রকাশ কৰিব৷ ইফালে মৰাণসকলৰ এই সমৃদ্ধ ঐতিহ্যক প্রতিফলিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ কয়– ‘বাৰেৰহণীয়া ঐতিহ্য–সংস্কৃতিৰে ভৰপূৰ আমাৰ অসম ভূমি৷ ক’ক ষ্টুডিঅ’ত ভাৰতত আমাৰ অতি প্রতিভাশালী শিল্পীসকলে তেনে এক সংস্কৃতিৰ পৰিৱেশনেৰে আমাৰ সম্পদক সীমাৰ পৰিধি ভাঙি লৈ যোৱাৰ প্রয়াস দেখি সুখী হৈছোঁ৷ মৰাণসকলৰ ঐতিহ্যসমৃদ্ধ হাতী শিকোৱা গীতক এক বৃহৎ মঞ্চত শিল্পীসকলে কৰা এই উপস্থাপন নিশ্চিতভাৱে অতি বিশেষ৷ এই পৰিৱেশন তথা পদক্ষেপটোৰ আঁৰৰ আটাইলৈ অভিনন্দন৷’