নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া মুছলমানে লাভ কৰিব স্বকীয় পৰিচয়

🔹 দেশজুৰি হ’বলগীয়া জাতি জনগণনাক লৈ মুখ্যমন্ত্রী ড০ শৰ্মা

বিশেষ বাৰ্তা, ৬ জুন : ২০২৭ চনৰ মার্চ মাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা পৰৱর্তী জাতি জনগণনাক লৈ সৃষ্টি হোৱা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাতি জনগণনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক অনুষ্ঠানত অংশগ্রহণৰ পাছতে সাংবাদিকৰে হোৱা বার্তালাপত মুখ্যমন্ত্রীৰ মন্তব্য– জাতি জনগণনাৰ পাছতে অসমীয়া মুছলমানে জাতিৰ স্বীকৃতি লাভ কৰিব৷ তেওঁলোকে মুকলিকৈ লিখিব পাৰিব জাতিৰ পৰিচয়৷ বিশেষকৈ দেশী, জলাহ, ছৈয়দ, মৈমাল আদি জনগোষ্ঠীয়ে লাভ কৰিব নিজৰ পৰিচয়৷ এই জাতি জনগণনা খিলঞ্জীয়া মুছলমানসকলৰ বাবে যথেষ্ট ভাল হ’ব৷ যোৱা দীর্ঘ সময়ৰ পৰা তেওঁলোকে জাতি জনগণনাৰ দাবী তুলি আহিছিল আৰু নিজৰ পৰিচয় লিখাৰ বাবে যি আশা কৰি আছিল, সেয়া পূৰণ হ’ব৷

আনহাতে, বৰাক উপত্যকাতো মৈমাল আদি জনগোষ্ঠীয়ে নিজৰ পৰিচয় লিখিব পাৰিব৷ এই জাতি জনগণনা হৈ গ’লে অসমীয়া খিলঞ্জীয়া মুছলমান, বৰাকৰ খিলঞ্জীয়া মুছলমানসকলে নিজৰ পৰিচয় লিখাৰ সুবিধা লাভ কৰিব৷ তদুপৰি জাতি আৰু জনসংখ্যা প্রকাশ পালে তেওঁলোকৰ আন সমস্যাসমূহ সমাধান কৰিব পৰা যাব৷

ইফালে, মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমতো জাতি জনগণনা সন্দর্ভত এইবুলি উল্লেখ কৰিছে– জাতি জনগণনা অসমীয়া মুছলমান মানুহখিনিৰ বাবে এক মহত্ত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ দীর্ঘদিন ধৰি তেওঁলোকে স্বকীয় পৰিচয়ৰ বাবে কৰা আশাই এক পূর্ণতাৰ ৰূপ পোৱাৰ দিশে আগুৱাইছে৷ ইয়াৰ দ্বাৰা ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ স্থানীয় মুছলমান সমাজ বৃহৎ পৰিমাণে লাভৱান্বিত হ’ব৷ উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ২০২৭ চনৰ পৰা জাতি জনগণনা আৰম্ভ কৰাৰ বাবে জাননী প্রকাশ কৰিছে৷ অচিৰেই ২০২৭ চনৰ জাতি জনগণনা অন্তর্ভুক্তিৰ বাবে আইনী অনুমোদন ২০২৫ চনৰ ১৬ জুনত ভাৰত গেজেট প্রকাশ পোৱাৰ সম্ভাৱনা আছে৷ লোকপিয়ল আইন ১৯৮৪ আৰু লোকপিয়ল নীতি ১৯৯০ অনুসৰি এয়াই হ’ব প্রথম লোকপিয়ল, য’ত জাতিভিত্তিক তথ্য আনুষ্ঠানিকভাৱে সংগ্রহ কৰা হ’ব৷

উল্লেখ্য যে জাতি জনগণনাৰ দাবী দীর্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছিল৷ কেন্দ্রীয় চৰকাৰে ২০২৭ চনৰ ১ মার্চত দেশজুৰি জাতি জনগণনা আৰম্ভ কৰিব যদিও লাডাখ, জম্মু–কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰ অঞ্চলত বৰফ পৰাৰ পূর্বেই অর্থাৎ ২০২৬ চনৰ ১ অক্টোবৰৰ ভিতৰত লোকপিয়ল সম্পূর্ণ কৰাৰ সিদ্ধান্ত লৈছে৷ মন কৰিবলগীয়া যে অসমৰ বৰাক উপত্যকাৰ মৈমাল মুছলমানসকলৰ লগতে ব্রহ্মপুত্র উপত্যকাৰ গৰিয়া–মৰিয়া, দেশী, ছৈয়দ আৰু জুলহা আদি মুছলমান জনগোষ্ঠীয়ে দীর্ঘদিনৰ পৰা খিলঞ্জীয়া গোট হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰি আহিছিল৷ বিশেষকৈ তেওঁলোকক নিজস্ব জাতিগত–ভাষিক আৰু সাংস্কৃতিক পৰিচয় দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী তুলি আহিছিল৷ ইয়াৰ জৰিয়তে প্রব্রজিত মূলৰ মুছলমান লোকসকলৰ পৰা যাতে তেওঁলোক পৃথক হৈ থাকিব পাৰে৷

এনে দাবীৰ প্রতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰে বিগত বর্ষতে এই মুছলমান জনগোষ্ঠীসমূহক নথিভুক্ত কৰাত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক পর্যায়ৰ জাতি জনগণনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত উল্লেখ কৰিছিল যে খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকৰ ভাষা, ৰীতি–নীতি আৰু সাংস্কৃতিকভাৱে অসমৰ শিপাৰ সৈতে জড়িত হৈ আছে৷ স্মর্তব্য যে বিগত বর্ষত ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্রদায়ক লগত লৈ ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰিছিল এক বিশেষ বৈঠক৷ এই বৈঠকতে জাতি জনগণনাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল জনগোষ্ঠীসমূহৰ প্রতিনিধিসকলে৷ বৈঠকতে খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ প্রতিনিধিক লৈ ৮টা গোট গঠনৰো সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ বৈঠকৰ মূল উদ্দেশ্য আছিল খিলঞ্জীয়া মুছলমানসকলে আর্থ–সামাজিক দিশৰ ওপৰত পর্যালোচনা চলোৱা৷ ৰাজ্যিক ভিত্তিত জাতি জনগণনাৰ দাবীও উত্থাপন কৰিছিল মুছলমান সম্প্রদায়ৰ প্রতিনিধিসকলে৷

বৈঠকখনৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এক পৰামর্শ সমিতি৷ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ সহযোগত গঠন হোৱা এই সমিতিসমূহে মুছলমান সম্প্রদায়ৰ জনসংখ্যা, স্বাস্থ্যসেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, আর্থিক দিশ, দক্ষতা বিকাশ আৰু নাৰী সবলীকৰণৰ ওপৰত অধ্যয়ন কৰিব বুলি নির্দেশনা দিয়া হৈছিল৷ ইতিমধ্যে এই সমিতিসমূহে ৰাজ্য চৰকাৰৰ ওচৰত সকলো দিশ অধ্যয়ন কৰি দাখিল কৰিছে প্রতিবেদন৷ এনে সময়তে কেন্দ্রীয় চৰকাৰে জাতি জনগণনাৰ বাবে লোৱা সিদ্ধান্ত স্বাভাৱিকতে এই দিশত যথেষ্ট সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like