নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণোৱালৰ ঘৰত কেবিনেটসহ মুখ্যমন্ত্রী

পুৱাই সৌজন্যমূলক সাক্ষাৎ

নিয়মীয়া বাৰ্তা ১৩ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে পুৱাৰ ভাগতে অসম মন্ত্রীসভাৰ আটাইকেইগৰাকী কেবিনেট মন্ত্রীসহ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত চৰকাৰী বাসভৱনত উপস্থিত হয়৷ প্রায় ডেৰঘণ্টা সময় মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত মন্ত্রীসভাৰ সদস্যসকলে প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বিভিন্ন বিষয়ত দিহা– পৰামর্শ গ্রহণ কৰে৷

এই সম্পর্কত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে কালি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সিদ্ধান্ত ল’লে  তেওঁলোক আটায়ে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বাসগৃহলৈ গৈ তেওঁৰ পৰা বিভিন্ন বিষয়ত দিহা–পৰামর্শ গ্রহণ কৰিব৷ সেই অনুসৰি  আটায়ে প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ বাসগৃহত উপস্থিত হয়৷

প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ সৈতে তেওঁলোকে প্রায় ডেৰঘণ্টা সময় বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ পৰা দিহা–পৰামর্শ গ্রহণ কৰে৷ অনাগত দিনতো তেওঁলোকে এনেদৰে প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ পৰা দিহা–পৰামর্শ গ্রহণ কৰিব৷ তেওঁ আৰু কয় যে মুখ্যমন্ত্রী ড০ শর্মাই প্রতিগৰাকী মন্ত্রীকে ইতিমধ্যে প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ সৈতে সম্পর্ক ৰক্ষা কৰি কাম–কাজ কৰিবলৈ পৰামর্শ দিছে৷

You might also like