নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰে হ’বলগীয়া সম্ভাব্য মিত্রতাক লৈ ৰাজ্যৰ কংগ্রেছ দলৰ ভিতৰচ’ৰাত ক্ষোভ, অসন্তুষ্টি, বিদ্রোহ তীব্রতৰ হোৱাৰ পাছত এই বিষয়ত স্থিতি সলনি কৰিব বিচাৰিছে প্রদেশ কংগ্রেছে৷ এ আই ইউ ডি এফৰে কংগ্রেছৰ মুকলি মিত্রতাৰ পৰিৱর্তে বিগত লোকসভা নির্বাচনৰ দৰে আজমলৰ দলৰে কংগ্রেছক গোপন বুজাবুজি কৰাৰহে পৰামর্শ আগবঢ়াইছে বহু জ্যেষ্ঠ নেতাই৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা এটা সপ্তাহৰ ভিতৰত হাইকমাণ্ডলৈ তেনে পৰামর্শসম্বলিত পত্র বিভিন্নজন নেতাই প্রেৰণ কৰিছে৷ আজমলৰ দলৰে মুকলি মিত্রতাৰ পৰিৱর্তে গোপন মিত্রতাৰ পোষকতা কৰাসকলৰ ভিতৰত দলৰ সাংসদ, প্রাক্তন মন্ত্রী, আনকি বর্তমানৰ বিধায়কো আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে যোৱা লোকসভা নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফ মাজত হোৱা গোপন মিত্রতা অনুসৰি কলিয়াবৰ সংসদীয় সমষ্টিত এ আই ইউ ডি এফে প্রার্থী থিয় কৰোৱাৰ পৰা বিৰত থাকে৷ একেদৰে ধুবুৰী লোকসভা সমষ্টিত আজমলক সহায় কৰাৰ বাবেই কংগ্রেছে বিতর্কিত–দুর্বল প্রার্থী থিয় কৰায়৷ কৰিমগঞ্জ লোকসভাতো এ আই ইউ ডি এফক সহায় কৰাৰ বাবে কংগ্রেছে দুর্বল প্রার্থী থিয় কৰায়৷ অৱশ্যে কংগ্রেছে সহায় কৰা সত্ত্বেও কৰিমগঞ্জ সমষ্টি এ আই ইউ ডি এফে দখল কৰিব নোৱাৰিলে৷ শেষমুহূর্তত সমষ্টিটো বিজেপিৰ দখললৈ যায়৷ অৱশ্যে একে সময়তে কংগ্রেছ–এ আই ইউ ডি এফৰ গোপন মিত্রতা জনচক্ষুৰ পৰা আঁতৰাই ৰখাৰ স্বার্থত দুয়োটা দলে বৰপেটা লোকসভাত সবল প্রার্থী থিয় কৰায়৷
এতিয়া একে নীতিৰে বিধানসভা নির্বাচনতো দল দুটাই অৱতীর্ণ হোৱাৰ পোষকতা কৰিছে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্রেছী নেতাই৷ মন কৰিবলগীয়া এয়ে যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা হ’লে উজনি অসমত কংগ্রেছ সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হ’ব বুলি ইতিমধ্যে জ্যেষ্ঠ কংগ্রেছ নেত্রী অজন্তা নেওগ, ৰাণা গোস্বামী, ৰূপজ্যোতি কুর্মী, ৰ’জলীনা তির্কী আদিয়ে ৰাজহুৱাভাৱে মন্তব্য কৰাৰ লগতে সেই মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ নামনি আৰু মধ্য অসমতো সংখ্যালঘু সম্প্রদায়ৰ বহুকেইগৰাকী প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক আদিয়ে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ এই মিত্রতাৰ প্রসংগ যিমানেই চর্চালৈ আহিছে, সিমানেই কংগ্রেছত আৰম্ভ হৈছে খহনীয়া৷ উজনি অসমৰ জ্যেষ্ঠ কংগ্রেছ নেত্রী অজন্তা নেওগে ইতিমধ্যে কংগ্রেছ এৰি বিজেপিত যোগদানৰ যো–জা চলাইছে৷ নামনি অসমৰো বহু সংখ্যালঘু সম্প্রদায়ৰ কংগ্রেছী নেতাই ভিতৰি ভিতৰি কংগ্রেছ ত্যাগৰ পৰিকল্পনা কৰিছে৷ দলত হ’ব পৰা সম্ভাব্য ক্ষতি ৰোধৰ স্বার্থতে একাংশ জ্যেষ্ঠ কংগ্রেছীয়ে হাইকমাণ্ডক এ আই ইউ ডি এফৰে মুকলি মিত্রতা নকৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ সেইদৰে বাঁওপন্থী দল, নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিৰ সৈতেও মুকলিকৈ নহ’লেও গোপনে বুজাবুজিত উপনীত হ’বলৈ পৰামর্শ আগবঢ়াইছে৷ হাইকমাণ্ডলৈ প্রেৰণ কৰা পৰামর্শত একাংশ কংগ্রেছী নেতাই এইবাৰ বিধানসভা নির্বাচনত দলীয় প্রার্থী বাছনি প্রক্রিয়া দলীয় পর্যায়তে সীমাবদ্ধ নাৰাখি গোপনে হ’লেও বুজাবুজি কৰিবলগীয়া দলৰ সম্ভাব্য প্রার্থীৰ স্থিতি–জনপ্রিয়তা আদিৰ বুজ লৈ এৰাধৰাৰ মাজেৰেহে চূড়ান্ত কৰাৰ প্রস্তাৱ দিয়ে৷ অৱশ্যে হাইকমাণ্ডে এনে পৰামর্শক কিমান গুৰুত্ব দিয়ে নে পূর্বৰ দৰে দিল্লীৰ পৰাই টিকট জাপি দিয়ে, সেয়া সময়তহে ক’ব পৰা যাব৷