🔹 অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ৩৭ লাখলৈ পাব বৃদ্ধি
বিশেষ বাৰ্তা, ১১ মার্চ : অৰুণোদয় আঁচনি ৩.০ৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হ’ব৷ বিধানসভাত কালি ২০২৫–২৬ বর্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্রী অজন্তা নেওগে এই কথা ঘোষণা কৰে৷ উল্লেখ্য যে এই আঁচনিৰ অধীনত মাহিলি হিতাধিকাৰীৰ পৰিয়ালক ১,২৫০ টকাকৈ প্রদান কৰি অহা হৈছে৷ ২০২০ চনত ১৮ লাখ মহিলাক সামৰি লোৱা এই আঁচনিখনৰ জৰিয়তে এইবাৰ ৩৭.২ লাখ পর্যন্ত হিতাধিকাৰীক সাঙুৰি লোৱা হ’ব৷ আঁচনিখন সন্দর্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে যাতে প্রতি মাহতে ধন লাভ কৰিব পাৰে, সেই লক্ষ্যৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ ২০২৬ চনৰ বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে এই আঁচনিৰ কার্যকৰী কৰাত অথবা আঁচনিখনৰ ধন প্রদানত বাধা আৰোপ কৰাৰ সম্ভাৱনা আছে৷ মুখ্যতঃ এই দিশটোক আগত লৈয়ে ৰাজ্য চৰকাৰে অহা বর্ষৰ ফেব্রুৱাৰী মাহতে মে’ মাহলৈ অর্থাৎ ৪ মাহৰ ধন হিতাধিকাৰীক আগতীয়াকৈ প্রদান কৰিব৷ ইফালে, নিযুত মইনা আঁচনি সন্দর্ভত বিত্তমন্ত্রীগৰাকীয়ে তেওঁৰ বাজেট ঘোষণাত উল্লেখ কৰে যে এই আঁচনিৰ জৰিয়তে ৪.৩ লাখ ছাত্রীক এইবাৰ সাঙুৰি লোৱা হ’ব৷ এই সম্প্রসাৰণে দ্বিতীয় বর্ষলৈ উত্তীর্ণ হোৱা ছাত্রীসকলক উপকৃত কৰিব৷ ইয়াৰ বাবে বাজেটত ৩৯১ কোটি টকা আবণ্টন দিয়া হৈছে৷ উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে একাদশ শ্রেণীৰ ছাত্রীসকলক এহেজাৰ টকা, স্নাতকৰ প্রথম বর্ষৰ ছাত্রীসকলৰ বাবে ১,২৫০ টকা, স্নাতকোত্তৰ তথা বিএডৰ প্রথম বর্ষৰ ছাত্রীসকলক ২,৫০০ টকা প্রদান কৰি অহা হৈছে৷ বাজেটত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ কথা উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এই আঁচনিৰ জৰিয়তে গ্রামাঞ্চলত ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ দুই লাখ আত্মসহায়ক গোটক সাঙুৰি লোৱা হ’ব৷ প্রাৰম্ভিক মূলধন হিচাপে তেওঁলোকক ১০ হাজাৰ টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হ’ব আৰু পৰৱর্তী সময়ত ২৫ হাজাৰ টকা ঋণ আগবঢ়োৱা হ’ব৷ অহা ১ এপ্রিলত বিহালী বিধানসভা সমষ্টিত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব৷ ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে ৩,০৩৮ কোটি টকা ব্যয় কৰিব৷