নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্ৰুৱাৰীৰ পৰা দৰমহা পোৱা নাই গৌৰীপুৰ পৌৰসভাৰ সহঃ অভিযন্তাই

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰ পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা নিজৰ  দৰমহা নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে। আনকি নিজৰ প্ৰাপ্য দৰমহা আদায় দিয়াৰ বাবে পৌৰসভাটোৰ সহকাৰী অভিযন্তা মহম্মদ আবু ছিদ্দিকে যোৱাকালি গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষলৈ এখন পত্ৰও প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। পত্ৰখনত সহকাৰী অভিযন্তাগৰাকীয়ে গৌৰীপুৰ পৌৰসভাই ১.০৬ কোটি আৰু ২.৫ কোটি টকাৰ দুটাকৈ নিবিদা আহ্বান কৰাৰ বিষয়টো উল্লেখ কৰাৰ সমান্তৰালকৈ নিবিদা দুটাই  গৌৰীপুৰ পৌৰসভাৰ হাতত পৰ্যাপ্ত ধন থকাটো নিশ্চিত কৰা বুলি আঙুলিয়াই দিছে। তাৰেই প্ৰেক্ষাপটত অহা ৮ চেপ্টেম্বৰৰ পূৰ্বে নিজৰ প্ৰাপ্য দৰমহা আদায় দিয়া নহ’লে ১১ চেপ্টেম্বৰত অনশন কাৰ্য্যসূচী হাতত ল’ব বুলিও পত্ৰখনত উল্লেখ কৰা পোৱা গৈছে গৌৰীপুৰ পৌৰসভাটোৰ সহকাৰী অভিযন্তা মহম্মদ আবু ছিদ্দিকে। ইয়াৰ মাজতে আকৌ গৌৰীপুৰ পৌৰসভাৰ কোটি টকীয়া সেই নিবিদা দুটাক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলৰ একাংশ ৱাৰ্ড আয়ুক্তৰ অনুগামীৰ মাজত খোৱা-কামোৰা আৰম্ভ হোৱা বুলিও ৰাইজৰ মাজত চৰ্চা লভা পোৱা গৈছে। ইপিনে  সেই বিশেষ নিবিদা দুটাৰ কাম লাভ কৰা-নকৰাক কেন্দ্ৰ কৰি গৌৰীপুৰ পৌৰসভাৰ পঞ্জীয়নকৃত প্ৰায় এশ গৰাকী ঠিকাদাৰৰ এচামৰ মাজতো চৰম অনিশ্চয়তাৰ সৃষ্টি হোৱা  বুলি জানিব পৰা গৈছে।তাৰেই পৰিপ্ৰেক্ষিতত  আগলৈ গৈ  গৌৰীপুৰ পৌৰসভাত ভিতৰি ভিতৰি জটিলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থকা বুলিও কিন্তু মত প্ৰকাশ কৰা পোৱা গৈছে ভূৰখা মহল একাংশই। উল্লেখ্য যে বিগত পৌৰসভা নিৰ্বাচনত গৌৰীপুৰৰ মুঠ ১৩টা ৱাৰ্ডৰ ৮টাতে বিজয়ী হৈ গৌৰীপুৰ পৌৰসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like