নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যবৰ্ষ উদ্বোধন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰঃ নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ ২০২৩-২৪ নাট্যবৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠানটি কালি নিশা নলবাৰী জিলাৰ পানীগাঁও আদৰ্শ বালিকা বিদ্যাপীঠত অনুষ্ঠিত হৈ যায়। বৰদৈচিলা চলিত নাট্য বৰ্ষৰ ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়া সংস্কৃতিক চহকী কৰি ৰাখিছে। সম্প্ৰতি অসমত ভ্রাম্যমাণ থিয়েটাৰে সাংস্কৃতিক দিশত প্ৰসাৰ লাভ কৰাৰ লগতে আর্থিক দিশতো যথেষ্ট অৱদান আগবঢ়াইছে। লগতে জনপ্রিয় ভ্রাম্যমাণ থিয়েটাৰ গোষ্ঠী ‘বৰদৈচিলা থিয়েটাৰ’ৰ এই বৰ্ষৰ নাট মুকলি কৰিবলৈ পাই আনন্দিত হৈ পৰা বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই। সাংস্কৃতিক কৰ্মী অনুপম ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি মাঙ্গলিক কাৰ্যসূচীটো ৰূপায়ন কৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই। সাংস্কৃতিক কৰ্মী গিৰীন্দ্ৰ দাসৰ মুখ্য সম্পাদনাত আৰু দ্বীপেন মেনাৰ সম্পাদনাত প্ৰকাশ পোৱা বৰদৈচিলা থিয়েটাৰৰ বাৰ্ষিক মুখপত্ৰ “আমাৰ বৰদৈচিলা” আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোপাল কলিতাই। অনুষ্ঠানত উপস্থিত থাকে প্ৰযোজক নজৰুল ইছলাম, নাট্যকাৰ সতীশ দাস, শৈলেন দাস, নৃপেন দত্তকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী নাট মঞ্চস্থ কৰা হয় বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ ‘ফুটপাথত মেঘালীৰ বিয়া’।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like