প্রাক্তন ন্যায়াধীশ–মহাধিবক্তা প্রতিবেদন পুনৰ আইনী বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষণ কিয়?
৬নং দফা ৰূপায়ণক লৈ কেন্দ্রৰ সদিচ্ছাত সন্দেহ আছুৰ
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্রতি কেন্দ্রীয় চৰকাৰৰ দায়বদ্ধতা পুনৰ সন্দেহৰ আৱর্তত সোমাই পৰিছে৷ কিয়নো চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রস্তুত কৰা প্রতিবেদনখন গ্রহণ কৰিবলৈ আকৌ এবাৰ অস্বীকাৰ কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কালি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আইনী বিশেষজ্ঞৰ দ্বাৰা প্রতিবেদনখন পৰীক্ষা কৰাই এমাহৰ ভিতৰত কেন্দ্রীয় চৰকাৰক জনাবলৈ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নির্দেশ দিয়ে৷ অমিত শ্বাহৰ এই নির্দেশৰ পাছতে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ সোমবাৰে সংগঠনটোৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্রৰ ভূমিকাক লৈ ক্ষোভ ব্যক্ত কৰি কয় যে কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে গঠন কৰা সমিতিখনৰ অধ্যক্ষ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্রাক্তন ন্যায়াধীশ৷ সমিতিখনৰ অন্যতম সদস্য হিচাপে আছিল অসম আৰু অৰুণাচল প্রদেশৰ মহাধিবক্তা দুগৰাকী৷ তদুপৰি চূড়ান্ত প্রতিবেদন প্রস্তুত কৰাৰ সময়ত দেশৰ এটর্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলৰ পৰা প্রয়োজনীয় পৰামর্শও গ্রহণ কৰা হৈছিল৷ বহু আইন বিশেষজ্ঞই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দর্ভত সুচিন্তিত পৰামর্শ প্রদান কৰিছিল৷ আইনী আৰু সাংবিধানিক দিশসমূহৰ প্রতি লক্ষ্য ৰাখি প্রস্তুত কৰা প্রতিবেদনখন গ্রহণ কৰিবলৈ প্রথমাৱস্থাত গৃহমন্ত্রী অমিত শ্বাহে সময় উলিয়াব নোৱাৰিলে৷ এতিয়া প্রতিবেদনখন দাখিলৰ ছমাহ উকলি যোৱাৰ পাছত প্রতিবেদনখন পুনৰ আইনী বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ পৰা কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাহীনতা আৰু খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ প্রতি দায়বদ্ধহীনতা পুনৰ প্রতিফলিত হ’ল৷ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে যদিহে কেন্দ্রীয় চৰকাৰৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে প্রকৃত সদিচ্ছা থাকিলহেঁতেন, তেনেহ’লে ৰূপায়ণৰ পর্যায়তো আইনী দিশসমূহ চালি–জাৰি চাব পাৰিলেহেঁতেন৷ কেতবোৰ সৰু বিষয়, যেনে– ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰি সংৰক্ষণত কোনো আইনী আৰু সাংবিধানিক বাধা অহাৰ প্রশ্ণই উঠিব নোৱাৰে৷ আমাৰ সমুখত অন্ধ্রপ্রদেশ, মধ্যপ্রদেশৰ চৰকাৰে ইতিমধ্যেই সেই দৃষ্টান্ত দাঙি ধৰিছে৷ কিন্তু প্রতিবেদন দাখিলৰ ছমাহ পাছতো সেয়া কার্যকৰী নকৰি কেন্দ্রীয় চৰকাৰে পুনৰ খিলঞ্জীয়াৰ সুৰক্ষাক লৈ ল’ৰা–ধেমালি কৰিছে৷ সেই বাবে সর্বসাধাৰণৰ মনত প্রশ্ন উঠিছে যে ‘কা’বিৰোধী গণ আন্দোলনক প্রশমিত কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে এই সমিতি গঠন কৰি দিছিল নেকি? এনে পৰিস্থিতিত কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনখন শীঘ্রে কার্যকৰী কৰিবলৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে দাবী জনায়৷
ইপিনে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে সমিতি গঠন কৰি দিছিল আৰু প্রতিবেদনখন দাড়ি–কমাসহ কার্যকৰী কৰাৰ প্রতিশ্রুতি দিছিল৷ সমিতিয়ে সময় মতে নিজৰ প্রতিবেদন দাখিল কৰিলে৷ প্রতিবেদন দাখিলৰ পাছত পৰৱর্তী এমাহলৈ ক’ৰোনা অহা নাছিল৷ কিন্তু তাৰ পাছতো গৃহমন্ত্রীয়ে প্রতিবেদনখন গ্রহণ নকৰিলে৷ গৃহমন্ত্রীৰ হৈ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রীগোটে এই প্রতিবেদনখন গ্রহণ কৰিলে৷ ছমাহলৈ এই প্রতিবেদন দিছপুৰত পৰি থাকিল৷ এতিয়া সংসদত জোলোঙাৰ মেকুৰী ওলাই পৰাত কেন্দ্রই প্রতিবেদনখন পুনৰ আইনী বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাবলৈ কৈছে৷ অথচ কেন্দ্রীয় চৰকাৰে গঠন কৰা সমিতিৰ অধ্যক্ষগৰাকী নিজে এজন অৱসৰপ্রাপ্ত ন্যায়াধীশ আৰু আইন বিশেষজ্ঞ৷ অসম আৰু অৰুণাচল প্রদেশৰ মহাধিবক্তা দুগৰাকী সদস্য হিচাপে আছে৷ আকৌ আইনী বিশষজ্ঞৰ দ্বাৰা প্রতিবেদনখন পৰীক্ষা কৰিবলৈ দিয়াটো কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাহীনতা আৰু অসমৰ প্রতি অন্যায়ৰ প্রতিফলন৷ অসম চৰকাৰে দিল্লীৰ শ্রুতলিপি মানি লোৱাতকৈ ক’ব লাগিছিল সমিতিখন যিহেতু কেন্দ্রীয় চৰকাৰে গঠন কৰিছে, গতিকে প্রতিবেদন কার্যকৰী কৰাৰ দায়িত্ব কেন্দ্রৰ৷ কেন্দ্র–ৰাজ্য চৰকাৰক খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত হেতালি নেখেলিবলৈ সকীয়াই দি ড০ ভট্টাচার্যই পুনৰ কয় যে অসমৰ খিলঞ্জীয়া জনসাধাৰণে ৰক্ষাকৱচ পাবই লাগিব৷ ইয়াৰ লগত কোনো দৰ–দাম নচলিব৷
গৃহমন্ত্রী অমিত শ্বাহৰ বক্তব্যক লৈ প্রতিক্রিয়া ব্যক্ত কৰি প্রব্রজনবিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই কয়– ‘কালি ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদনখন অসম চৰকাৰে আইনজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাইহে কেন্দ্রীয় চৰকাৰক দাখিল কৰিব৷ তেওঁলোকৰ নূ্যনতম জ্ঞানো নাই যে কমিটীখনৰ অধ্যক্ষ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মা৷ আন দুজন সদস্য অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ বৰপাত্র গোহাঁই আৰু অৰুণাচল প্রদেশৰ মহাধিবক্তা নিলয় দত্ত৷ এওঁলোক আইনজ্ঞ নহয় নেকি? এখন ৰাজ্যৰ মহাধিবক্তা এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্রধান আইন উপদেষ্টা৷ তাৰ মানে অসম চৰকাৰে নিজৰ মহাধিবক্তাজনকে মান্যতা নিদিয়ে৷ প্রকৃতার্থত সর্বানন্দ সোণোৱালৰ চৰকাৰে সমিতিৰ প্রতিবেদনখন নস্যাৎ কৰিব বিচাৰিছে৷ সেই বাবে প্রতিটো পর্যায়তে মিথ্যাচাৰৰ আশ্রয় লৈছে৷ সমিতি গঠনৰ সময়ত ড০ হিমন্ত বিশ্ব শর্মাই প্রতিশ্রুতি দিছিল যে দাড়ি–কমা নসলোৱাকৈ প্রতিবেদন কার্যকৰী কৰিব৷ এই বছৰৰ মার্চ মাহত মুখ্যমন্ত্রী সোণোৱালে জনায় যে প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ আগবঢ়োৱা হৈছে৷ যোৱা সপ্তাহত মহাৰাষ্ট্রৰ সাংসদৰ উত্তৰত এই মিথ্যাচাৰ ফাদিল হোৱাত খিলঞ্জীয়া ৰাইজক ঠগিবলৈ নতুন নাটক ৰচনা কৰিছে৷’