বেল বাজিল হাতে হাতে এন’চি লৈ শিক্ষানুষ্ঠানলৈ আহিল শিক্ষার্থী
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ সুদীর্ঘ ছমাহ পাছত শিক্ষানুষ্ঠানত বাজিল বেল৷ আৰম্ভ হ’ল পাঠদান৷ পিছে পূর্বৰ দৰে হিলদল ভাঙি গাতে গা লগাই এইবাৰ শিক্ষানুষ্ঠানলৈ অহা নাই কোনো ছাত্র–ছাত্রী৷ মুখত মাস্ক পৰিধান কৰি, হাতত অভিভাৱকৰ এন অ’ চি লৈ, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি শিক্ষানুষ্ঠানলৈ আহিল ছাত্র–ছাত্রীসকল৷ প্রতিখন শিক্ষানুষ্ঠানৰ প্রৱেশদ্বাৰত প্রতিগৰাকী ছাত্র–ছাত্রীক বিদ্যালয় কর্তৃপক্ষই প্রথমতে চাবোনেৰে হাত ধোৱা বা ছেনিজাইজ কৰাৰ ব্যৱস্থা কৰিলে৷ তাৰ পাছত থার্মেল স্কেনাৰেৰে ছাত্র–ছাত্রীসকলৰ শৰীৰৰ উষ্ণতা জুখিলে৷ বহু শিক্ষানুষ্ঠানত অক্সিমিটাৰেৰেও ছাত্র–ছাত্রীসকলক শৰীৰ পৰীক্ষা কৰা হ’ল৷ তাৰ পাছত ছফুট দূৰত্বত ছাত্র–ছাত্রীসকলক বহাৰ ব্যৱস্থা কৰা শ্রেণীকোঠাত চলিল পাঠদান৷ দৈনিক ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রীৰ উপস্থিতিত আৰম্ভ হোৱা পৰীক্ষামূলক এই পাঠদানত একোটা শ্রেণীকোঠাত সর্বাধিক ২০গৰাকী ছাত্র–ছাত্রী বহাৰ ব্যৱস্থাপনাৰে সোমবাৰে শিক্ষানুষ্ঠান খোলাৰ প্রথম দিনটোত চলিল দুটা পর্যায়ত নৱম আৰু দ্বাদশ শ্রেণীৰ পাঠদান৷ এই সম্পর্কত ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে যুগুতোৱা এছ অ’ পি অনুসৰি সোমবাৰে প্রথম দিনাৰ পাঠদান পর্ব চলে৷ অৱশ্যে ক’ভিডজনিত ভয়, শংকা এতিয়াও অব্যাহত থকাৰ পৰিপ্রেক্ষিতত তথা আজিৰে পৰা আৰম্ভ হোৱা পাঠদানত ছাত্র–ছাত্রীসকলৰ অংশগ্রহণ বাধ্যতামূলক নোহোৱা বাবে বহু অভিভাৱকে এন অ’ চি নিদিয়া বাবে শিক্ষার্থীৰ উপস্থিতি বহু ঠাইত তেনেই সেৰেঙা পৰিলক্ষিত হয়৷ অৱশ্যে বহু ঠাইত ছাত্র–ছাত্রীৰ উপস্থিতি আশাব্যঞ্জক৷ ঠায়ে ঠায়ে অভিভাৱকে শিক্ষানুষ্ঠানলৈ নিজেই লৈ আহিল শিক্ষার্থীসকলক৷ ৰাজ্যখনৰ আন প্রান্তৰ দৰে গুৱাহাটী মহানগৰীতো দেখা গ’ল শিক্ষানুষ্ঠানসমূহত একেই প্রতিচ্ছবি৷ মহানগৰীৰ কামৰূপ একাডেমীত ক’ভিড স্ক্রীনিং চেণ্টাৰ থকাৰ পৰিপ্রেক্ষিতত আজি পাঠদান প্রক্রিয়া আৰম্ভ নহ’ল৷ মহানগৰীৰ টি চি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোনো ছাত্রী নহা বাবে সোমবাৰে পাঠদান নহ’ল৷ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ চিত্তৰঞ্জন কলিতাই জানিবলৈ দিয়া মতে, অভিভাৱকৰ পৰা এন অ’ চি বিচাৰি প্রপত্র হোৱাটছএপযোগে প্রেৰণ কৰাৰ লগতে ছাত্রীসকলকো ক’ভিড টেষ্ট কৰিবলৈ কোৱা হৈছে৷ কিন্তু আজি কোনো ছাত্রী উপস্থিত নোহোৱাত পাঠদান কৰিব পৰা নগ’ল৷ সেইদৰে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দ্বাদশ শ্রেণীৰ ১১গৰাকী শিক্ষার্থী এন অ’ চি লৈ অহাত পাঠদান কৰা হয়৷ কিন্তু নৱম শ্রেণীৰ পাঠদান কৰিব পৰা নগ’ল৷ বিদ্যালয়খনৰ অধ্যক্ষ অৰূপা পাটগিৰিয়ে প্রকাশ কৰা অনুসৰি নৱম শ্রেণীৰ ১০–১২গৰাকী শিক্ষার্থী আজি বিদ্যালয়লৈ আহে যদিও তেওঁলোকৰ হাতত এন অ’ চি নথকাত প্রৱেশদ্বাৰৰ পৰাই ওভতাই পঠিওৱা হয়৷ মহানগৰীৰ এছ বি দেওৰা কলেজ আৰু গণেশগুৰিৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিড স্ক্রীনিং চেণ্টাৰ থকা হেতু আজি পাঠদান চলাব পৰা নগ’ল৷ ইয়াৰ বিপৰীতে বি বৰুৱা কলেজত আজি দ্বাদশ শ্রেণীৰ ২০গৰাকী ছাত্র–ছাত্রীক পাঠদান কৰা হয়৷ ইপিনে কামৰূপ মেট্র’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, গুৱাহাটী মহানগৰীৰ ৫২খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বর্তমান ক’ভিড স্ক্রীনিং চেণ্টাৰ আছে৷ সেই কেন্দ্রসমূহ দুদিনৰ ভিতৰত ওচৰৰ প্রাথমিক বিদ্যালয়লৈ স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে৷ সেয়া হৈ উঠিলেই উক্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়কেইখনত পাঠদান আৰম্ভ কৰিব পৰা যাব৷
শিৱসাগৰত ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
শিৱসাগৰ জিলাত ছাত্র–ছাত্রীৰ সেৰেঙা উপস্থিতিৰে চলিল প্রথম দিনাৰ পাঠদান৷ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱম শ্রেণীৰ মাত্র ৭গৰাকী ছাত্রীহে উপস্থিত হয়৷ সেইদৰে শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিকৰ নৱম শ্রেণীৰ মাত্র এগৰাকী আৰু দ্বাদশ শ্রেণীৰ ৩৫গৰাকী ছাত্র উপস্থিত থাকে৷ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্র ৬গৰাকী শিক্ষার্থী উপস্থিত হয়৷ শিৱসাগৰ নগৰৰ হাইমাদ্রাছা স্কুলত ৪গৰাকী, ৰূপহী হাইস্কুলত ৩গৰাকী, ডিমৌমুখ জনজাতি হাইস্কুলত ৩গৰাকী, ৰংপুৰ ছোৱালী হাইস্কুত ৬গৰাকী, জয়সাগৰ ৰংপুৰ হাইস্কুলত ৩গৰাকী, থানুৰাম গগৈ উচ্চতৰ মাধ্যমিকত ৩গৰাকী, টেকনিকেল হাইস্কুলত ৪গৰাকী, ভাধৰা হাইস্কুলত ৩গৰাকী শিক্ষার্থী উপস্থিত থাকে৷ ইয়াৰ বিপৰীতে মেটেকা শংকৰদেৱ হাইস্কুল, নগৰৰ গার্লছ কলেজত এগৰাকীও শিক্ষার্থী নাহিল৷
গৌৰীসাগৰৰ অধিকাংশ বিদ্যালয়লৈ নাহিল ছাত্র–ছাত্রী
গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইনষ্টিটিউটত অভিভাৱকৰ এন অ’ চি অবিহনে আজি সাতজনমান ছাত্র–ছাত্রী আহে যদিও শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি বিদ্যালয় কর্তৃপক্ষই তেওঁলোকক ঘৰলৈ ওভতাই পঠিয়ায়৷ সেইদৰে গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ সাতজন, দুর্লভ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীৰ ১২জন, দ্বাদশ শ্রেণীৰ ৫জন, খনামুখ উচ্চতৰ মাধ্যমিকত নৱম শ্রেণীৰ সাতজন, চাৰিঙৰ শশীধৰ ফুকন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত মাত্র তিনিগৰাকী ছাত্রীহে উপস্থিত থাকে৷ ইয়াৰ বিপৰীতে শান্তিপুৰ আৰু হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ত এগৰাকীও ছাত্রী নাহিল৷
উজনি মাজুলীতো সেৰেঙা উপস্থিতি
উজনি মাজুলীতো শিক্ষানুষ্ঠানসমূহ খোলা হৈছে যদিও ছাত্র–ছাত্রীৰ উপস্থিতি একেবাৰে সেৰেঙা দেখিবলৈ পোৱা গৈছে৷
যোৰহাটৰ শিক্ষানুষ্ঠানতো নাই ছাত্র–ছাত্রী
ক’ভিড প্রট’কল অনুসৰণ কৰি যোৰহাটতো আজিৰে পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে যদিও প্রায়বোৰ শিক্ষানুষ্ঠানতে নাহিল ছাত্র–ছাত্রী৷ যোৰহাট চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্র চাৰিগৰাকীকৈ ছাত্র–ছাত্রী উপস্থিত থাকে৷
ধেমাজিতো ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
ধেমাজি জিলাত শিক্ষানুষ্ঠানসমূহত আজিৰ দিনটোত ছাত্র–ছাত্রীৰ উপস্থিতি আছিল তেনেই সেৰেঙা৷
লখিমপুৰত তিনি সহস্রাধিক ছাত্র–ছাত্রী আহিল শিক্ষানুষ্ঠানলৈ
লখিমপুৰ জিলাত ২৬৩খন হাইস্কুল, ৩৯খন উচ্চতৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ দুৱাৰ আজি মুকলি হয়৷ ক’ভিড স্ক্রীনিং চেণ্টাৰ থকা বাবে ২৫খন বিদ্যালয় আজি খুলিব নোৱাৰিলে৷ বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ পৰা জনোৱা তথ্য অনুসৰি আজি খোল খোৱা বিদ্যালয়সমূহত ৩,৬৭২গৰাকী ছাত্র–ছাত্রী উপস্থিত হয়৷ মুঠ ৫০২গৰাকী শিক্ষক–শিক্ষয়িত্রীয়ে তেওঁলোকক পাঠদান কৰে৷
জামুগুৰিহাটত কমসংখ্যক ছাত্র–ছাত্রীৰে পাঠদান আৰম্ভ
জামুগুৰিহাটতো সীমিতসংখ্যক ছাত্র–ছাত্রীৰে আজি প্রথম দিনৰ পাঠদান সম্পন্ন হয়৷ জামুগুৰিহাটৰ চি বি এছ ই পাঠ্যক্রমৰ বিদ্যালয় হ’লী চাইল্ড ইংলিছ স্কুলত আজিৰে পৰা ক’ভিড প্রট’কল অনুসৰণ কৰি প্রতিটো কোঠাত ১৬গৰাকী ছাত্র–ছাত্রীক বহুৱাই পাঠদানৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ বিপৰীতে জামুগুৰি আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ত ছাত্র–ছাত্রীৰ উপস্থিতি শূন্য দেখা গ’ল৷
গহপুৰতো শিক্ষার্থীৰ উপস্থিতি সেৰেঙা
গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আগবেলা আৰু পিছবেলা মিলাই প্রায় ৬০জন ছাত্র–ছাত্রী অহাৰ বিপৰীতে গহপুৰ ছোৱালী হাইস্কুলত ২০গৰাকী ছাত্রীহে উপস্থিত থাকে৷ বৰঙাবাৰী অঞ্চলৰ ডিপৰা হাইস্কুলত আনকি আজি সময়মতে শিক্ষক–শিক্ষয়িত্রী উপস্থিত নহ’ল৷
বালিপৰাতো ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীৰ ১৮১গৰাকী ছাত্র–ছাত্রীৰ ভিতৰত মাত্র ১১গৰাকী ছাত্র–ছাত্রী উপস্থিত থাকে৷ সেইদৰে খোনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীৰ ১৩০গৰাকী ছাত্র–ছাত্রীৰ ভিতৰত মাত্র ৮গৰাকী উপস্থিত থাকে৷ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এজনো ছাত্র–ছাত্রী নাহিল৷
ধলপুৰত বিভিন্ন শিক্ষানুষ্ঠানত পাঠদান
ধলপুৰ জামুগুৰিস্থিত নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ ধলপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, কচুৱা উচ্চ মাধ্যমিক বহুমুখী বিদ্যালয়, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধলপুৰ একাডেমী, হাৱাজান একাডেমী, ভেলাইমৰা উচ্চ মাধ্যমিক বিদ্যালয় আদিত ছাত্র–ছাত্রীসকলে অভিভাৱকৰ এন অ’ চি লৈ ক’ভিড প্রট’কল অনুসৰণ কৰি আজি শ্রেণীকোঠাত উপস্থিত হয়৷
তেজপুৰতো আৰম্ভ হ’ল পাঠদান
শোণিতপুৰ জিলাতো আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ অৱশ্যে বৰছলা হাইস্কুল, বিহগুৰিৰ চন্দ্রনাথ শর্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্র থকা বাবে আজি পাঠদান আৰম্ভ হোৱা নাই৷ তেজপুৰ কলেজিয়েটত নৱম শ্রেণীৰ ১৩গৰাকী, তেজপুৰ একাডেমীত নৱম শ্রেণীৰ ৬গৰাকী, দ্বাদশ শ্রেণীৰ ৮গৰাকী, তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিকত নৱম শ্রেণীৰ ৪গৰাকী, দ্বাদশ শ্রেণীৰ ৬গৰাকী, ৰঙাপৰা উচ্চতৰ মাধ্যমিকত নৱম শ্রেণীৰ দুগৰাকী, দ্বাদশ শ্রেণীত ৪১গৰাকী, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীত ৭গৰাকী, দ্বাদশ শ্রেণীত ৩গৰাকী, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত নৱম শ্রেণীত ১৬গৰাকী আৰু দ্বাদশ শ্রেণীত ৬৩গৰাকী শিক্ষার্থী উপস্থিত থাকে৷ ব্যক্তিগত খণ্ডৰ তেজপুৰ ডনবস্ক’ত কোৱাৰেণ্টাইন কেন্দ্র থকা বাবে আজি পাঠদান নহ’ল, ৰঙাপৰা মহাবিদ্যালয়ত আজি ৫০গৰাকী ছাত্র–ছাত্রী উপস্থিত থাকে৷
ডিমৌত ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
ছাত্র–ছাত্রীৰ সেৰেঙা উপস্থিতিৰে আজিৰে পৰা ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিমৌ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, ডিমৌ মহাবিদ্যালয়, ছেইণ্ট মেৰিজ ইংলিছ বিদ্যালয় আজিৰে পৰা ক’ভিড প্রট’কল অনুসৰণ কৰি পাঠদান আৰম্ভ হৈছে৷
আমগুৰিত বিদ্যালয় খুলিল, নাহিল ছাত্র–ছাত্রী
শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ সকলো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আজিৰে পৰা আৰম্ভ হৈছে৷ কিন্তু প্রায়বোৰ শিক্ষানুষ্ঠানতে মাত্র ৪/৫গৰাকী ছাত্র–ছাত্রীহে অহা দেখা গ’ল৷
টেঙাখাততো নাই ছাত্র–ছাত্রী
টেঙাখাততো আজিৰে পৰা পাঠদানৰ বাবে শিক্ষানুষ্ঠানসমূহ খোলা হয় যদিও কোনো এখন বিদ্যালয়তে পাঠদান কৰিব পৰাকৈ ছাত্র–ছাত্রী উপস্থিত নহ’ল৷
নগাঁৱত আৰম্ভ হ’ল পাঠদান
নগাঁও জিলাৰ ১৭৫খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৪৭খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ অৱশ্যে আজি প্রথম দিনা সৰহসংখ্যক শিক্ষানুষ্ঠানতে ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা যদিও একাংশ শিক্ষানুষ্ঠানত উপস্থিতি উৎসাহজনক দেখা যায়৷ জিলাখনৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিড স্ক্রীনিং চেণ্টাৰ থকা বাবে আজি পাঠদান আৰম্ভ কৰিব নোৱাৰিলে৷ আনহাতে, জিলা উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদর্শক প্রবীণ চন্দ্র শর্মাই আজি কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও বেংগলী হাইস্কুল, দচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠান পৰিদর্শন কৰি পাঠদানৰ প্রস্তুতিৰ বুজ লয়৷
আগমনিত ২০ শতাংশ ছাত্র–ছাত্রীৰ উপস্থিতিত পাঠদান
ধুবুৰী জিলাৰ আগমনিত ২০ শতাংশ ছাত্র–ছাত্রীৰ উপস্থিতিত আজি প্রথম দিনা পাঠদান সম্পন্ন হয়৷ আগমনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ ২৮৩ ছাত্র–ছাত্রীৰ ভিতৰত মাত্র ৩৭গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ২১১গৰাকীৰ ভিতৰত ৫০গৰাকী, বিজ্ঞান শাখাত ৫২গৰাকীৰ ভিতৰত ৩৪গৰাকী আৰু কাৰিকৰী বিভাগত ৮০গৰাকীৰ ভিতৰত মাত্র ৯গৰাকী ছাত্র–ছাত্রী উপস্থিত থাকে৷
ছয়গাঁৱত ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুল, লালমোহন চৌধুৰী শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ লগতে কেইবাখনো বেচৰকাৰী বিদ্যালয় আজি খোলা হয় যদিও ছাত্র–ছাত্রীৰ উপস্থিতি একেবাৰে সেৰেঙা৷
দৰঙত মাস্ক নিপিন্ধা শিক্ষার্থীক ওভতাই পঠিয়ালে ঘৰলৈ
সমগ্র অসমৰ লগতে দৰং জিলাতো আজি শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ খোল খায়৷ জিলাখনৰ পশ্চিম মঙলদৈ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত অভিভাৱকৰ এন অ’ চি অবিহনে আৰু মাস্ক পৰিধান নকৰাকৈ অহা বহু ছাত্র–ছাত্রীক বিদ্যালয় কর্তৃপক্ষই ঘৰলৈ ওভতাই পঠিয়ায়৷
নলবাৰীৰ বহু বিদ্যালয়ত ক’ভিড প্রট’কল ভংগৰ অভিযোগ
নলবাৰী জিলাতো আজিৰে পৰা শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ হ’ল যদিও প্রথম দিনটোত ছাত্র–ছাত্রীৰ উপস্থিতি আছিল তেনেই সেৰেঙা৷ শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত শিক্ষা বিভাগে এছ অ’ পিযোগে নির্দিষ্ট কেতবোৰ নীতি–নিদের্শনা দিছিল যদিও নলবাৰী জিলাত বহু বিদ্যালয়ত সেই নির্দেশনা উলংঘনৰ অভিযোগ উত্থাপন হৈছে৷ জিলাখনৰ বহু চৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে একাংশ শিক্ষানুষ্ঠানত প্রায়সকল শিক্ষক–কর্মচাৰী উপস্থিত হয়৷ সেইদৰে একাংশ শিক্ষানুষ্ঠানে ছেনিটাইজেচন নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
ছাত্র–ছাত্রীৰ সেৰেঙা উপস্থিতিৰে শুৱালকুছিতো পাঠদান আৰম্ভ
ছাত্র–ছাত্রীৰ সেৰেঙা উপস্থিতিৰে শুৱালকুছিতো আৰম্ভ হ’ল পাঠদান৷ শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱম শ্রেণীৰ ২১গৰাকী, গণেশ দাস হাইস্কুলৰ ৬গৰাকী, কালিৰাম কাৰিকৰ হাইস্কুলত ৫গৰাকী ছাত্র–ছাত্রীহে উপস্থিত থাকে৷
ধুবুৰী জিলাত ছাত্র–ছাত্রীৰ উপস্থিতিৰ হাৰ ৫ শতাংশ
ধুবুৰী জিলাত ৫ শতাংশ ছাত্র–ছাত্রীৰ উপস্থিতিৰে চলিল প্রথম দিনাৰ পাঠদান৷ ধুবুৰীৰ বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহত আজি নৱম আৰু দ্বাদশ শ্রেণীৰ পাঠদান কার্যসূচীত ছাত্র–ছাত্রীৰ উপস্থিতিৰ হাৰ আছিল মাত্র ৫ শতাংশ৷
গোৱালপাৰাত পাঠদান আৰম্ভ
গোৱালপাৰা জিলাৰ ৯৭খন উচ্চ মাধ্যমিক আৰু ১৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ জিলাখনৰ পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, চেণ্ড্রেল গার্লছ হাইস্কুল, আগিয়াৰ যোগেন্দ্র নাথ মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিত আজি চৰকাৰী নির্দেশনা অনুসৰি পাঠদান চলে৷ সুদীর্ঘ ছমাহৰ অন্তত বিদ্যালয়ত উপস্থিত হ’বলৈ পাই শিক্ষক–শিক্ষয়িত্রীস লগতে ছাত্র–ছাত্রীসকলো উৎফুল্লিত হৈ পৰে৷
বকোত ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
বকোৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনত ক’ভিড প্রট’কল অনুসৰি আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ আনহাতে, বকো আৰু ছয়গাঁও সমষ্টিত একাংশ বিদ্যালয় ছেনিটাইজ নকৰাকৈ আজিৰে পৰা খোলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে আজি প্রথম দিনা অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীসকলৰ উপস্থিতি আছিল তেনেই সেৰেঙা৷
ডিফুত ৩২ শিক্ষক–শিক্ষয়িত্রীৰ ভিতৰত মাত্র ৫গৰাকীহে উপস্থিত
ক’ভিড প্রট’কল অনুসৰি ডিফুতো আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ কিন্তু দেখা গ’ল বহুসংখ্যক বিদ্যালয়ত ছাত্র–ছাত্রী আৰু শিক্ষকৰ উপস্থিতি তেনেই নগণ্য৷ ডিফুৰ ডি এ ভিত আজি কমসংখ্যক ছাত্র–ছাত্রী আহে৷ ইয়াৰে দুগৰাকীৰ মুখত মাস্ক নথকাত ঘৰলৈ ওভতাই পঠিওৱা হয়৷ সেইদৰে শিক্ষানুষ্ঠানখনত ৩২গৰাকী শিক্ষক–শিক্ষয়িত্রীৰ ভিতৰত মাত্র ৫গৰাকীহে উপস্থিত থাকে৷ অথচ এছ অ’ পি অনুসৰি ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রী দৈনিক উপস্থিত থকাটো বাধ্যতামূলক৷ তদুপৰি শিক্ষানুষ্ঠানখনৰ বাহিৰত হাত ধোৱাৰ ব্যৱস্থাও পৰিলক্ষিত নহ’ল৷
ৰঙিয়াৰ অধিকাংশ বিদ্যালয়ত আহিল ছাত্র–ছাত্রী
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি ৰঙিয়াৰ বিদ্যালয়সমূহত ছাত্র–ছাত্রীৰ উপস্থিতি আছিল উৎসাহজনক৷ ছাত্র–ছাত্রীসকলে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি শিক্ষাগ্রহণ কৰে৷
হাজোত সীমিতসংখ্যক ছাত্র–ছাত্রীৰ উপস্থিতিত পাঠদান
হাজোৰ কিছুসংখ্যক শিক্ষানুষ্ঠানত সীমিতসংখ্যক ছাত্র–ছাত্রীৰ উপস্থিতিত আজি প্রথম দিনা পাঠদান সম্পন্ন হয়৷ একাংশ শিক্ষানুষ্ঠানত শিক্ষার্থীৰ অনুপস্থিতিৰ বাবে আজি পাঠদান আৰম্ভই কৰিব নোৱাৰিলে৷
কলিয়াবৰত ছাত্র–ছাত্রীৰ উপস্থিতি সীমিত
কলিয়াবৰত আজিৰে পৰা শিক্ষানুষ্ঠাসমূহ খোলা হৈছে যদিও অধিকসংখ্যক অভিভাৱকে ছাত্র–ছাত্রীক শিক্ষানুষ্ঠানলৈ পঠিওৱা দেখা নগ’ল৷
গোলাঘাটত ১ শতাংশ ছাত্র–ছাত্রীও নাহিল শিক্ষানুষ্ঠানলৈ
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ মাত্র এগৰাকী ছাত্রীহে আজি বিদ্যালয়ত উপস্থিত হয়৷ সেইদৰে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীৰ দুগৰাকী আৰু দ্বাদশ শ্রেণীৰ ৪গৰাকী শিক্ষার্থী উপস্থিত থাকে৷ জিলাখনৰ ১৬৭খন বিদ্যালয় আজি খোল খালে যদিও ১ শতাংশও ছাত্র–ছাত্রী বিদ্যালয়লৈ নাহিল৷
হোজাইত খোল খালে চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠান
সুদীর্ঘ ছমাহ পাছত শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ খোল খোৱাত স্বাভাৱিকতে শিক্ষক–শিক্ষয়িত্রীৰ লগতে ছাত্র–ছাত্রীসকল উৎসাহিত হৈ পৰিছে৷ ক’ভিড প্রট’কল অনুসৰি হোজাই চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত আজিৰে পৰা পাঠদান আৰম্ভ হয়৷
গেলেকীৰ বিভিন্ন বিদ্যালয়ত নাহিল ছাত্র–ছাত্রী
নাজিৰা নগৰৰ বিদ্যালয়সমূহৰ উপৰি গেলেকী হাইস্কুল, ত্রিবেণী হাইস্কুল, গেলেকী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গদাপাণি হাইস্কুল, হাতীপটি হাইস্কুল, লিগিৰীপুখুৰী হাইস্কুল, মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহু বিদ্যালয় আজি খোলে যদিও কেইবাখনো বিদ্যালয় বন্ধ হৈ থাকে৷ যিসমূহ বিদ্যালয় খোলা হয়, তাতো ছাত্র–ছাত্রীৰ উপস্থিতি ৫ৰ পৰা ১৫গৰাকীৰ অধিক নহয়৷
চিৰাঙত ৪৯ শিক্ষানুষ্ঠানত ১,৪৯০ শিক্ষার্থীৰ উপস্থিতিত পাঠদান আৰম্ভ
চিৰাং জিলাৰ ৪০খন হাইস্কুল আৰু ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ১,৪৯০গৰাকী ছাত্র–ছাত্রীৰ উপস্থিতিত আজি পাঠদান আৰম্ভ হয়৷ জিলাখনত আজি শিক্ষানুষ্ঠানসমূহত মুঠ ৪৯৯জন ছাত্র উপস্থিত হোৱাৰ বিপৰীতে ৯৯১গৰাকী ছাত্রী উপস্থিত হয়৷
প্রশাসনৰ হেমাহিতে খোল নাখালে কুছিয়াৰকুল উচ্চ মাধ্যমিক বিদ্যালয়
কৰিমগঞ্জ জিলা প্রশাসনৰ হেমাহি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই চহৰখনৰ কাষতে থকা কুছিয়াৰকুল উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আৰম্ভ নহ’ল পাঠদান৷ বিদ্যালয় চৌহদ আজিও জংগলেৰে আৱৰা৷ শ্রেণীকোঠাৰ ভিতৰত নাই ডেস্ক–বেঞ্চ, চকী–টেবুল৷ আচলতে জিলা প্রশাসনে এই শিক্ষানুষ্ঠানখনত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিছিল৷ যোৱা জুন মাহৰ পৰা ১৮ ছেপ্ঢেম্বৰলৈ শিক্ষানুষ্ঠানখনত কোৱাৰেণ্টাইন চেণ্টাৰ আছিল৷ কিন্তু আজিপর্যন্ত প্রশাসনে শিক্ষানুষ্ঠানখন পৰিষ্কাৰ–পৰিচ্ছন্ন, ছেনিটাইজ কৰাৰ কোনো ব্যৱস্থা নকৰিলে৷ ফলস্বৰূপে আজি শিক্ষানুষ্ঠানখন পাঠদানৰ বাবে খুলিব নোৱাৰিলে৷
ডিব্রুগড়ৰ বিদ্যালয়–মহাবিদ্যাল্ নাই কোনো উৎসাহ, পাঠদান বাতিল
ডিব্রুগড়ৰ শিক্ষানুষ্ঠানসমূহত আজি আহিল নগণ্যসংখ্যক শিক্ষার্থী৷ ডিব্রুগড় চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিজন ছাত্র, মনোহাৰী মহিলা মহাবিদ্যালয়ত ১০গৰাকী, ডিব্রু মহাবিদ্যালয়ত ৪/৫গৰাকী, কানৈ মহাবিদ্যালয়ত ১০গৰাকীমান ছাত্র–ছাত্রীহে অহা দেখা গ’ল৷ ছাত্র–ছাত্রীৰ সংখ্যা সেৰেঙা হোৱাত শিক্ষানুষ্ঠানসমূহৰ পাঠদান বাতিল কৰিব লগা হয়৷
উত্তৰ গুৱাহাটীতো ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
উত্তৰ গুৱাহাটীতো আজিৰে পৰা পাঠদানৰ বাবে শিক্ষানুষ্ঠানসমূহ খোলা হয় যদিও বিদ্যালয়সমূহত ছাত্র–ছাত্রীৰ উপস্থিতি আছিল একেবাৰে সেৰেঙা৷
বৰপেটাতো খুলিল বিদ্যালয়, শিক্ষার্থীৰ উপস্থিতি সেৰেঙা
বৰপেটাৰ শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীৰ উপস্থিতি একেবাৰে সেৰেঙা৷ বৰপেটা চহৰৰ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান, জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুল, বৰপেটা বিদ্যাপীঠ, আম্বেদকাৰ একাডেমী, মাধৱ চৌধুৰী মহাবিদ্যালয় আদিকে ধৰি বহুকেইখন বিদ্যালয়–মহাবিদ্যাল্ খোলা হয় যদিও ছাত্র–ছাত্রীৰ অৱস্থিতি সেৰেঙা আছিল৷
মৰিগাঁৱতো আৰম্ভ হ’ল পাঠদানঃ উপায়ুক্তৰ পৰিদর্শন
মৰিগাঁও জিলাতো আজিৰে পৰা সীমিতসংখ্যক ছাত্র–ছাত্রীৰ উপস্থিতিত পাঠদান আৰম্ভ হৈছে৷ ইপিনে জিলা উপায়ুক্ত ৰীণা দাসে আজি বঘৰা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ক’ভিড প্রট’কল অনুসৰি পাঠদান কৰা হৈছে নে নাই তাৰ বুজ লয়৷
বঙাইগাঁৱতো সীমিতসংখ্যক ছাত্র–ছাত্রীৰ উপস্থিতিৰে পাঠদান
বঙাইগাঁও জিলাত সীমিতসংখ্যক ছাত্র–ছাত্রীৰ উপস্থিতিৰে আজিৰে পৰা পাঠদান আৰম্ভ হৈছে৷ বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্রেণীৰ ১৭২গৰাকী শিক্ষার্থীৰ ভিতৰত ৪৯গৰাকী আৰু দ্বাদশ শ্রেণীৰ ৫২গৰাকী শিক্ষার্থীৰ ভিতৰত ১৯গৰাকীহে উপস্থিত থাকে৷ জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানতে থার্মেল স্কেনাৰ আৰু অক্সিমিটাৰ দেখা নগ’ল৷
ওদালগুৰিতো খুলিল শিক্ষানুষ্ঠানঃ উল্লসিত ছাত্র–ছাত্রী
ওদালগুৰি জিলাতো আজিৰে পৰা আৰম্ভ হ’ল শিক্ষানুষ্ঠানসমূহত পাঠদান৷ সুদীর্ঘ ছমাহ পিছত শিক্ষানুষ্ঠানৰ দুৱাৰ খোল খোৱাত স্বাভাৱিকতে উল্লাসিত হৈ পৰিছে শিক্ষক–শিক্ষয়িত্রীৰ লগতে ছাত্র–ছাত্রীসকল৷
চেপনত ছাত্র–ছাত্রীৰ উপস্থিতি সেৰেঙা
চেপনৰ শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীৰ উপস্থিতি তেনেই সেৰেঙা৷ চেপন কলেজত দ্বাদশ শ্রেণীৰ ২৩গৰাকী, চেপন হাইস্কুলত নৱম শ্রেণীত ১৮গৰাকী, জাতীয় বিদ্যাপীঠত ৩গৰাকী, ঘিলাগুৰি উচ্চ ইংৰাজী বিদ্যালয়ত ৭গৰাকী, হাতীপটি হাইস্কুলত ৫গৰাকী ছাত্র–ছাত্রীহে উপস্থিত থাকে৷
মৰিয়নিতো সীমিতসংখ্যক ছাত্র–ছাত্রী
মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মাত্র ১০গৰাকী ছাত্র–ছাত্রী উপস্থিত থাকে৷ সেইদৰে মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৩গৰাকী ছাত্রী উপস্থিত হয়৷ জংঘলব্লক উচ্চ মাধ্যমিকত চাৰিগৰাকী ছাত্র–ছাত্রী অহা দেখা যায়৷