নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অটল অমৃত অভিযান ছ’চাইটীৰ তিনি বছৰে নৱীকৰণ নকৰাকৈ শ শ কোটি টকাৰ লেনদেন

  • মুখ্য কার্যবাহী বিষয়া সিদ্ধার্থ সিং, উপ–মুখ্য কার্যবাহী বিষয়া কমলজিৎ তালুকদাৰে চলাইছে লুণ্ঠন
  • দুর্নীতিগ্রস্ত বিষয়াৰ বাবে ভাল কাম কৰিবলৈ গৈ থমকি ৰৈছে চৰকাৰ

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: ভাৰতৰ স্বাস্থ্য খণ্ডত চিকিৎসা বিপ্লৱৰ সূচনা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অটল অমৃত আৰু প্রধানমন্ত্রী জন আৰোগ্য যোজনা (আয়ুস্মান ভাৰত) স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি জনতাক বিনামূলীয়া চিকিৎসা সেৱা প্রদানৰ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ এই সর্ববৃহৎ আৰু সফল আঁচনি দুখন ৰাজ্যিক পর্যায়ত ৰূপায়ণ আৰু পৰিচালনাৰ দায়িত্বত আছে অটল অমৃত অভিযান ছ’চাইটী নামৰ সংগঠনটো৷ ২০১৭ চনৰ ৫ জুলাইত ছ’চাইটী ৰেজিষ্ট্রেচন এক্ট ১৮৬০ৰ অধীনত গঠন হোৱা অটল অমৃত অভিযান ছ’চাইটী নামৰ সংগঠনটোৰ নৱীকৰণৰ ম্যাদ ২০২০ চনৰ ৪ জুলাইত উকলি গৈছে৷ আজিৰ তাৰিখত অটল অমৃত অভিযান ছ’চাইটী নামৰ সংগঠনটোৰ বিধিগত কোনো অস্তিত্ব নাই৷ বিগত তিনি বছৰে এই সংগঠনটোৱে নৱীকৰণ নকৰাকৈয়ে শ শ কোটি টকাৰ লেনদেন কৰি আহিছে৷ অটল অমৃত অভিযান ছ’চাইটীৰ মুখ্য কার্যবাহী বিষয়া সিদ্ধার্থ সিং আৰু উপ–মুখ্য কার্যবাহী বিষয়া কমলজিৎ তালুকদাৰে বিধিগত অস্তিত্ব নথকা সংগঠনৰ নামত শ শ কোটি টকাৰ চৰকাৰী ধন লেনদেন কৰি লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অস্তিত্বহীন অটল অমৃত অভিযান ছ’চাইটী নামৰ সংগঠনটোৰ গৱর্নিং ব’ডীৰ অধ্যক্ষৰ অনুমোদনত শ শ কোটি টকা দুয়োগৰাকী বিষয়াই লেনদেন কৰি আহিছে৷ ইয়াৰ উপৰি বিগত তিনিটা বছৰত ঠিকা–ঠুকলি, নিযুক্তি, নির্মাণ আদিৰ নামত উলিয়াই দিছে কোটি কোটি টকা৷

ছয়মাইলস্থিত অটল অমৃত অভিযান ছ’চাইটীৰ কার্যালয়টোৰ নির্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ নামত ৮৩ লাখ টকা খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কার্যালয় নির্মাণৰ বাবে অনুমোদিত এই বৃহৎ পৰিমাণৰ ধনৰ সিংহভাগেই বিষয়া দুগৰাকীয়ে উদৰস্থ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ অটল অমৃত অভিযান ছ’চাইটী নামৰ বিধিগত অস্তিত্ব নথকা সংগঠনটোৰ উঠিৰজা–বহিৰজা সিদ্ধার্থ সিং আৰু কমলজিৎ তালুকদাৰে অত্যাধুনিক কার্যালয় নির্মাণ কৰি ৭ লাখ টকীয়া টিভি ক্রয়কে ধৰি অন্যান্য খৰচৰ নামতো প্রায় ২৫ লাখ টকা ব্যয় কৰিছে৷ বিধিগত অস্তিত্ব নথকা সংগঠনটোৱে আঁচনি ৰূপায়ণৰ নামত বিগত বর্ষত ১৬০ কোটি টকা ব্যয় কৰে৷ সংগঠনটোৰ নামত অহা চৰকাৰী ধন দিছপুৰ এছ বি আইৰ শাখাত থকা ৪০২৯১৩৮২৮৬১, ৩৭২৭৪৪৮০৬৩৭, ৩৭৯২৭৭৭১৫৪৭, ৩৭৯২৪৪৪৫৯৬০ আৰু ৪১৬৩৯৪১৬৭৫৮ নম্বৰৰ বেংক একাউণ্টকেইটাত জমা হয়৷ বিধিগত অস্তিত্ব নথকা সংগঠনটোৱে কেনেদৰে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী ধনৰ লেনেদেন কৰি আহিছে তাক লৈ বিভিন্ন মহলত প্রশ্ণ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে বিধিগত অস্তিত্ব নথকা সংগঠনটোৰ বিৰুদ্ধে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like