নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডকালত মুক্তি লাভ কৰা বন্দীক আত্মসমর্পণৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: ক’ভিড অতিমাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ একাধিক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল কেন্দ্রীয় চৰকাৰে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশত সাধাৰণ অপৰাধত দোষী সাব্যস্ত কয়েদীসকলক কাৰাগাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ নির্দেশ দিয়া হৈছিল৷ এতিয়া ক’ৰোনাৰ প্রতাপ নাই৷ গতিকে পুনৰ দোষী সাব্যস্ত অপৰাধীসকলক কাৰাগাৰলৈ ওভতাই অনাৰ তৎপৰতা গ্রহণ কৰিছে দেশৰ শীর্ষ আদালতে৷ আজি উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়ে যে আগন্তুক ১৫ দিনৰ ভিতৰত ক’ৰোনাকালত ন্যায়ালয়ৰ নির্দেশ অনুসৰি মুক্তি লাভ কৰা বন্দীসকলে আত্মসমর্পণ কৰিব লাগিব৷ দেশৰ বিভিন্ন কাৰাগাৰত বন্দীসকল আছিল৷ ইয়াৰ কিছুমানে শাস্তি লাভ কৰিছে আৰু বহু বন্দী বিচাৰাধীন অৱস্থাত আছে৷ ক’ভিডকালত মুক্তি লাভ কৰা সকলো বন্দীক পুনৰ কাৰাগাৰলৈ ওভতাই অনাৰ এই তৎপৰতাক লৈ চলিছে ব্যাপক চর্চা৷

You might also like