নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ চিনামৰা উপশাখা সমিতিৰ উদ্যোগত আৰু মূৰমুৰীয়া ২৭ নং প্ৰাথমিক গোট সমিতিৰ সহযোগত সাহিত্যিক দেউৰাম তাছা আদৰ্শ বিদ্যালয়ৰ প্ৰাঙ্গনত চল যাব স্কুল শীৰ্ষক এক শৈক্ষিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংগঠনটোৰ এক ধাৰাবাহিক শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্গত ৰূপায়িত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেউৰাম তাছা আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে আটছাৰ সভাপতি সিদ্ধাৰ্থ কৰ্মকাৰে। নিজৰ বক্তব্যত তেওঁ কয় যে বিভিন্ন কাৰনত বাগিছাঅঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আধাতে বিদ্যা সাং কৰে। সেয়ে এনেধৰণৰ সজাগতামূলক কাৰ্যসূচীৰ যোগেদি সেই শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ ওভটাই অনাটোৱে উদেশ্য বুলি উল্লেখ কৰে। ইয়াৰ পাছতে বাগিছাৰ মাজেদি “চ’ল চবাই স্কুল যাব,পঢ়া শুনা কৰকে ডাঙৰ মানুচ বনব,পঢ়া শুনা কৰকে সমাজ টাকে থিক কৰব,আমি চবাই স্কুল যাব” শ্লগান দি এক শিক্ষা সজাগতামূলক ৰেলী বাহিৰ কৰা হয়। অনুষ্ঠানত যোৰহাট শাখা সমিতিৰ সম্পাদক আৰু উপশাখা সমিতিৰ উপদেষ্টা সিদ্ধান্ত তাতী, যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উদয় ভাস্কৰ শৰ্মা,সাহিত্যিক দেউৰাম তাছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ জিতু দত্ত,আটুৱা যোৰহাট শাখাৰ সম্পাদিকা জামন্তী জাতাপ আটছা, যোৰহাট শাখা সমিতিৰ উপ সভাপতি বিল্টু মাঝি, কাৰ্যনিৰ্বাহক সদস্য প্ৰভাত তাতী, মূৰমুৰীয়া ২৭ নং আৰু চাওৰা লাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকদ্বয় আদিত্য মণ্ডল,কিৰণ কুমাৰ তাতী প্ৰমূখ্যে বহুসংখ্যক লোক উপস্থিত থাকে।
প্ৰেৰক নৱজ্যোতি তামুলী