নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আৰক্ষী বিষয়াক ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যাৰ চেষ্টা ভূ-মাফিয়াৰঃ গুলী ফুটাই প্ৰাণ ৰক্ষা

নিয়মীয়া বার্তা, ২৬ জুনঃ হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক পথাৰৰ মিকিৰ গাঁৱত সংঘটিত হয় এজন আৰক্ষী বিষয়াক হত্যাৰ চেষ্টাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ যোৱানিশা মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসে ভূ- মাফিয়াৰ বিৰূদ্ধে অভিযান চলাবলৈ যাওঁতে ভূ- মাফিয়াই বিষয়াজনক হত্যাৰ চেষ্টা কৰে। যোৱানিশা ভূ- মাফিয়াই অকচেক পথাৰ গাঁৱৰ যোগেন দাস নামৰ নগাঁৱৰ এজন লোকৰ এডোখৰ ভূমি বলপূৰ্বকভাৱে জনৈক আব্দুল কাদিৰ, আব্দুল মান্নান, হিবজুৰ ৰহমান আৰু ফকৰুল নামৰ ভূ-মাফিয়াকেইজনে দখল কৰিবলৈ চেষ্টা কৰিছিল । এই বিষয়ে তদন্ত কৰিবলৈ যাওঁতে আৰক্ষী বিষয়াজনক হত্যাৰ চেষ্টা কৰে ভূ মাফিয়াই । সেই সময়ত আৰক্ষী বিষয়াজনে এক জাঁই গুলী চলাই প্ৰাণ ৰক্ষা কৰে । পিছত মোৰাঝাৰ আৰক্ষীয়ে খেদি খেদি টেক্টৰ চালক ইয়াহইয়া আহমেদক আটক কৰাৰ লগতে টেক্টৰখন জব্দ কৰে।ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আনহাতে ভূ-মাফিয়াকেইজন সম্প্ৰতি পলাতক হৈ আছে৷ ইফালে এই ঘটনা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত বিষয়াজনৰ বিপক্ষে ধনৰ মেচিন বুলি মন্তব্য কৰাত বিষয়াজনৰ বিপক্ষে ভূ মাফিয়াৰ এটা চক্ৰ হোজাইত উঠি পৰি লগাৰ কথা পোহৰলৈ আহিছে । হোজাইৰ এই ভূ মাফিয়াৰ বিপক্ষে চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আশা কৰে নিৰীহ লোকসকলে ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like