নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃষ: পুৱা দহ বজাৰ পৰা শুভ কর্মাদিত আগবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব৷ প্রেমত বাধা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
মিথুন: গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ ভ্রমণত সমস্যা থাকিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
কর্কট: কর্মক্ষেত্রত দক্ষতা দেখুৱাব পাৰিব৷ ভ্রমণৰ ইচ্ছা কৰিলে সুযোগ পাব৷ মামলা–মোকর্দমাত জয়ী হোৱাৰ সম্ভাৱনা৷ নাৰীৰ শুভ দিন৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
সিংহ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিকতা মধ্যম ফল পাব৷ বিদ্যাত সফলতা পাব৷ প্রেমত আৱেগ বর্জনীয়৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
কন্যা: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
তুলা: আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব৷ প্রেমত দুশ্চিন্তা৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৯৷
বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব৷ বিদ্যাত মধ্যম৷ আর্থিকত মজলীয়া অগ্রগতি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
ধনু: নাৰীৰ বাবে দিনটো শুভ৷ মাটি–বাৰী সম্পর্কে সু–সংবাদ লাভ কৰিব৷ বিদ্যাত শুভ৷ ভ্রমণ কৰিব পাৰে৷ ঘৰুৱা শুভ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ১৷
মকৰ: ব্যৱসায়–বাণিজ্যত মজলীয়া ফল পাব৷ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ শৰীৰৰ প্রতি অৱজ্ঞা নকৰিব৷ সন্তানৰ ভালেই৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
কুম্ভ: কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ বিদ্যার্থীৰ বাবে দিনটো বেয়া নহ’ব৷ প্রেম–প্রণয়ত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷
মীন: কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে৷ বিদ্যাতো ভালে নাযাব৷ দাম্পত্যত ভবা মতে সুখী নহ’ব৷ শৰীৰ মধ্যম৷ শুভ ৰং চকলেট৷ শুভ সংখ্যা ১৷

You might also like