নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াৰ তামুলদিত কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তামুলদিত যোৱানিশা লম্পট যুৱক এটাই কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যাৰ অপচেষ্টা চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে তামুলদি গাঁৱৰ কুতুব আলীৰ পুত্ৰ আব্দুল মালেক নামৰ লম্পট এটাই একেগাঁৱৰে কিশোৰী এগৰাকীক যোৱানিশা ঘৰৰ পৰা বাহিৰলৈ মাতি নি প্ৰথমে ধৰ্ষণ কৰে৷ পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ পিচত দুয়োৰে মাজত বাক-বিতণ্ডাৰ অন্তত লম্পট যুৱক আব্দুল মালেকে কিশোৰীগৰাকীক ডেগাৰেৰে ঘপিয়াই হত্যাৰ অপচেষ্টা চলায় বুলি পৰিয়ালৰ লোকে অভিযোগ উথ্বাপন কৰিছে। পাষণ্ড আব্দুল মালেকৰ চোকা অস্ত্ৰৰ ঘাপত কিশোৰীজনী ৰক্তাক্ত হৈ মাটিত ঢলি পৰাত লম্পট যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা কিশোৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়৷ খবৰ অনুসৰি সম্প্ৰতি কিশোৰীজনী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰ সৈতে যুঁজি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ঘটনাৰ খবৰ পাই নিশাই ছমৰীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে তামুলদি গাঁৱত সংঘটিত কিশোৰী ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা তামুলদি গাঁৱৰ কুতুব আলীৰ পুত্ৰ আব্দুল মালেক নামৰ পাষণ্ডটোৰ বিৰুদ্ধে আজি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ পাষণ্ড আব্দুল মালেকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে দাবী জনাই এখন এজাহাৰ দাখিল কৰিছে।জানিব পৰা অনুসৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষভ বৰাই পাষণ্ড আব্দুল মালেকক বিচাৰি অভিযান চলাই আছে বুলি জনায় আৰু এই ঘটনাৰ পাষণ্ডটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হব বুলি জানিবলৈ দিয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like