নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্ব-কৰ্তব্যৰ মাজতে চাইকেল চলাই নৱপ্ৰজন্মক চাইকেলৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা গোলাঘাটৰ তিনি আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৪মেঃ গোলাঘাটৰ তিনি আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ। চাইকেল চলোৱাৰ বাবে নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ লৈছে তিনিওগৰাকী আৰক্ষী বিষয়াই।

তেওঁলোক তিনি আৰক্ষী বিষয়া হৈছে ক্ৰমে গোলাঘাটৰ তিনি আৰক্ষী বিষয়া ক্ৰমে সুনীত শৰ্মা (গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক), ত্ৰিনয়ন ভূঞা (সৰুপথাৰৰ মহকুমা আৰক্ষী বিষয়া), জিতুমণি ডেকা (সৰুপথাৰ থানাৰ আৰক্ষী বিয়য়া)।

 

উল্লেখযোগ্য যে তিনিওজন আৰক্ষী বিষয়াই নিজৰ দায়িত্ব কৰ্তব্য সততাৰে নিষ্ঠাৰে পালন কৰাৰ উপৰি চাইকেল চলোৱাৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্য ৰাখিছে।

 

 

লগতে চাইকেল চলোৱাৰ প্ৰতি উঠি অহা প্ৰজন্মক অভ্যাস গঢ়ি তুলিবলৈ আহবান জনাই এইদৰে ৰাজপথত চাইকেল ছলাইছে গোলাঘাটৰ তিনি আৰক্ষী বিষয়াই।
প্ৰেৰক অমূল্য গোস্বামী

You might also like