সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰা আৰু মেঘালয়ৰ মন্ত্ৰী আৰ এল টংখাৰৰ নেতৃত্বত সীমান্তৱর্তী বিবদমান অঞ্চল পৰিদৰ্শন
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম খাছী পাহাৰ জিলাৰ মাজৰ সীমা বিবাদ নিস্পত্তি কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ ভ্ৰমণ কৰি প্রতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে সুকীয়া সুকীয়াকৈ গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনে আজি যুটীয়াভাবে দুয়ােখন জিলাৰ সীমান্তত থকা বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰে।
উক্ত অঞ্চলৰ সীমা বিবাদ নিস্পত্তিৰ বাবে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা সংশ্লিষ্ট আঞ্চলিক সমিতিখন আৰু মেঘালয় চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰেনিকটন এল টংখাৰৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতিখনৰ সদস্যসকলে আজি যুটীয়াভাবে দুয়ােখন ৰাজ্যৰ সীমান্তৱর্তী আপাৰ টাৰাবাৰী, ডাব’কট্রবি আৰু গমাৰিমূৰৰ বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰে।
উল্লেখ্য যে, আপাৰ টাৰাবাৰীৰ সীমান্তৱর্তী বিবাদমান অঞ্চলত আঠখন, ডাব’কট্রবিত এখন আৰু গ’মাৰিমূৰা অঞ্চলত ১০খন গাঁও আছে। সমিতিদুখনে অঞ্চলসমূহত থকা গাঁওসমূহৰ ভৌগলিক অৱস্থিতি আৰু সমীপবর্তিতা, জনগাঁথনি, জাতিগত বৈশিষ্ট্য আদি বিভিন্ন দিশ পর্যালােচনা কৰাৰ উপৰি স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰে।
উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ মাজৰ ৰি-ভই, পশ্চিম খাছী পাহাৰ আৰু পূর্ব জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তৱর্তী বিবদমান অঞ্চলসমূহৰ সমস্যা নিষ্পত্তিৰ বাবে অসম আৰু মেঘালয় দুয়ােখন চৰকাৰে যােৱা চেপ্টেম্বৰ মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰি দিছিল। অসম চৰকাৰৰ এই সমিতি তিনিখনত ক্ৰমে বি-ভই জিলাৰ বাবে জলসম্পদ আদি বিভাগৰ মন্ত্রী পিয়ুষ হাজৰিকা, পূব খাছী পাহাৰ জিলাৰ বাবে সীমান্ত সুৰক্ষা আৰু উন্নয়ন, কৃষি আদি বিভাগৰ মন্ত্রী অতুল বৰা আৰু পূব জয়ন্তীয়া জিলাৰ বাবে পৰিবহন, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীক অধ্যক্ষ হিচাপে লৈ এই তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছে। এই সমিতিসমূহে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত সীমা বিবাদ নিস্পত্তিৰ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আজিৰ এই পৰিদৰ্শন কালত অসম চৰকাৰৰ আঞ্চলিক সমিতিখনৰ সদস্য বকোৰ বিধায়িকা নন্দিতা দাস, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সচিব জি ডি ত্রিপাঠি, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিক, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয় আৰু মেঘালয় চৰকাৰৰ আঞ্চলিক সমিতিখনৰ সদস্য বিধায়কদ্বয় মেকমিলান বাইচেট আৰু মাষ্টাৰ কে চিদনী মাৰবানিয়াৎ, পশ্চিম খাছী পাহাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন বিষয়া উপস্থিত থাকে।