ৰাজেন দাসৰ ‘লাইফ ইন এ পাপেট’লৈ অনবদ্য কৃতিত্বৰ বঁটা
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ কলকাতাৰ নিকটৱর্তী শান্তি নিকেতনত চলি থকা ১৭সংখ্যক ঠাকুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’লৈ আহিছে আন্তঃৰাষ্ট্রীয় সন্মান৷
অসমৰ আপুৰুগীয়া বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচৰ ওপৰত নির্মাণ কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’লৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ কাহিনী চলচ্চিত্র শিতানত অনবদ্য কৃতিত্ব বঁটা৷ ৰাজেন দাসৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালিত ছবি ‘লাইফ ইন এ পাপেট’ৰ লগতে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহখনত একেই শাখাত কানাডা, আমেৰিকা, নৰৱে, চীন, ছুইডেন, ম্যানমাৰ আৰু ভাৰতৰ আন ছবিয়ে এই শিতানত স্থান লাভ কৰিছে৷ আজি ফেষ্টিভেল ৱেবছাইটত পুৰস্কাৰ বিজয়ীসকলৰ তালিকা ঘোষণা কৰা হয়৷ দেশ–বিদেশৰ বহুসংখ্যক ছবিৰ মাজত অসমীয়া চলচ্চিত্রখনলৈ আগবঢ়োৱা এই সন্মান অসমৰ আপুৰুগীয়া পুতলা নাচলৈ আগবঢ়োৱা এক স্বীকৃতি হিচাপে বিবেচিত হৈছে৷ এই সন্দর্ভত পৰিচালক ৰাজেন দাসে সংবাদ মাধ্যমক কয়–‘এই সন্মান মই অসমৰ নিঃস্ব পুতলা নাচৰ শিল্পীসকললৈ অর্পণ কৰিছোঁ৷
অসমৰ বিলুপ্তপ্রায় পুতলা নাচক পুনৰ জীয়াই তুলিবলৈ মনত দুর্বাৰ হেঁপাহেৰে নিজৰ সমস্ত সাঁচতীয়া পইচা ব্যয় কৰি সামাজিক দায়বদ্ধতাৰে চিনেমাখন নির্মাণ কৰিছোঁ৷ এই সন্মানে নিশ্চয় আমাক উৎসাহ দিব৷ এয়া যাত্রাৰ আৰম্ভণিহে৷ অসমবাসী ৰাইজৰ আশীর্বাদে নিশ্চয় আমাক আগুৱাই নিব৷ চলচ্চিত্রখনৰ মুখ্য চৰিত্রত বলিষ্ঠ অভিনয় কৰিছে আশা বৰদলৈ, দীপান্বিতা দাস আৰু পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকাই৷
ইতিমধ্যে ‘লাইফ ইন এ পাপেট’–এ এই সন্মান লাভ কৰাৰ লগে লগে চলচ্চিত্র মহোৎসৱখনৰ সন্মানীয় বার্ষিক ‘ছান অৱ দ্য ইষ্ট’ বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছে চলচ্চিত্রখনে৷